মাটি কঢ়িওৱা ট্ৰেক্টৰে মহতিয়ালে ২ স্কুলীয়া ছাত্ৰীক, থিতাতে নিহত ছাত্ৰী

মাটি কঢ়িওৱা ট্ৰেক্টৰে মহতিয়ালে দুগৰাকীকৈ স্কুলীয়া ছাত্ৰীক। এগৰাকী থিতাতে নিহত হোৱাৰ লগতে আনগৰাকী গুৰুতৰভাবে আহত হৈছে। বটদ্ৰৱা সমষ্টিৰ অধীনৰ মৰিগাঁও জিলাৰ মিকিৰভেটা থানাৰ এলেকাধীন বৰিবজাৰ আৰক্ষী পহৰা চকীৰ অন্তৰ্গত পাৰালিগুৰি গাঁৱত সংঘটিত হৈছে এই ঘটনা। এই দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী ৯ বছৰীয়া কিশোৰী।

ইয়াৰ লগতে আনগৰাকী কিশোৰী গুৰুতৰভাবে আঘাতপ্রাপ্ত হয়। আঘাতপ্রাপ্ত হোৱা কিশোৰীগৰাকীক উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয়। কিশোৰী দুগৰাকী স্কুললৈ গৈ থকা সময়ত দূৰ্ঘটনাটো সংঘটিত হয়। ইতিমধ্য মাটি কঢ়িয়াই নিয়া As-21-AC-0765 ট্ৰেক্টৰখনৰ চালকজনক স্থানীয় ৰাইজে আটক কৰি বড়ীবজাৰ আৰক্ষীক চমজাই দিয়ে।

ইপিনে স্থানীয় ৰাইজৰ দাবী অবৈধভাবে মাটি কঢ়িয়াই দুৰ্ঘটনা সংঘটিত কৰা এই ট্ৰেক্টৰখনৰ বিৰুদ্ধে উচিত তদন্ত কৰি উপযুক্ত শাস্তি প্ৰদান কৰিব লাগে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি। আঙুঠিটোৰ...

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ। ৰাণী ব্লক স্থানান্তৰ কৰাক...

ধিঙত আকৌ ধৰ্ষণৰ ঘটনা সংঘটিত হ’ল

ধিঙত ইমান ধৰ্ষণকাৰী ক’ৰপৰা আহিল? শেহতীয়া ঘটনাটো মনত আছেনে?...