তামোল ব্যৱসায়ীক হাৰাশাস্তি বন্ধ কৰাৰ দাবীত ওলাই আহিল ৰাইজ

স্থানীয় তামোল ব্যৱসায়ীসকলক হাৰাশাস্তি বন্ধ কৰাৰ দাবীত কাছাৰৰ কাটিগড়াৰ চক্র বিষয়াৰ কার্যালয়ৰ সন্মুখত প্ৰতিবাদ। স্থানীয় তামোল ব্যবসায়ী অধিকাৰ সুৰক্ষা সমিতি নামৰ সংগঠনৰ উদ্যোগত এই ধর্ণা কাৰ্য্যসূচী। হাতত তামোল লগত লৈ সাব্যস্ত কৰে প্ৰতিবাদ ।

তিনি দিনৰ ভিতৰত কোনো ব্যবস্থা গ্ৰহণ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ ব্যবসায়ীসকলৰ ৷ ধর্ণা কার্যসূচীত অংশগ্ৰহণ কৰে বৰখলাৰ প্রাক্তন বিধায়িকা ডাঃ ৰুমী নাথৰ লগতে স্থানীয় বহু কংগ্রেছ আৰু AIUDFৰ কর্মীয়ে। ধর্ণা কাৰ্য্যসূচী সমাপ্ত কৰি চক্র বিষয়াৰ জৰিয়তে কাচাৰ জিলা উপায়ুক্তলৈ স্মাৰক পত্ৰ প্রেৰণ কৰে।

উল্লেখ্য যে, কাছাৰ আৰক্ষীৰ চুপাৰি ছিণ্ডিকেট লৈ অভিযান চলি থকাৰ সময়ত কাছাৰৰ কালাইনসহ বিভিন্ন স্থানত চুপাৰিৰ গুদাম ছীল কৰিছিল আৰক্ষীয়ে। বার্মিজ চুপাৰি মজুত ৰখাৰ সন্দেহত আৰক্ষীয়ে ছীল কৰিছিল গুদামসমূহ ৷ মালিকসকলৰ দাবী তেওঁলোকৰ এই গুদামসমূহত বাৰ্মিজ চুপাৰি নহয় স্থানীয় তামোল ৰখা হয় ৷ আৰক্ষীয়ে তেওঁলোকক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত কৰিছে ব্যৱসায়ীসকলে ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...