বোকাখাতৰ প্ৰাক্তন বিধায়ক জীতেন গগৈক জৰিমনাসহ কাৰাদণ্ড

বোকাখাতৰ প্ৰাক্তন বিধায়ক জীতেন গগৈক জৰিমনাসহ কাৰাদণ্ড। ২০০৯ বৰ্ষৰ এটা গোচৰত আজি গোলাঘাট অতিৰিক্ত জিলা ‌ও সত্ৰ ন্যায়ধীশ কৌশিক হাজৰিকাৰ আদালতে বিধায়ক জীতেন গগৈৰ লগতে থাওৰাৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰীক দোষী সাব্যস্ত কৰে।
এসময়ত নিজকে কাজিৰঙাৰ ৰজা হিচাপে চিনাকী দিয়া প্ৰাক্তন বিধায়ক জীতেন গগৈ, কুশল দুৱৰীসহ পাঁচজনক গোলাঘাট আদালতৰ কাৰাদণ্ড৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অনাধিকাৰভাৱে মাছ মৰাৰ অপৰাধৰ গোচৰ তৰিছিল ৰেঞ্জাৰ ডম্বৰুধৰ বড়োৱে৷ গোলাঘাটৰ অতিৰিক্ত জিলা ও সত্ৰ ন্যায়ধীশৰ প্ৰদান কৰিলে গুৰুত্বপূৰ্ণ ৰায়দান৷
গোলাঘাটৰ অতিৰিক্ত জিলা ও সত্ৰ ন্যায়ধীশৰ কৌশিক হাজৰিকা ন্যায়ধীশৰ এক গুৰুত্বপূৰ্ণ ৰায়দান৷ দুই প্ৰাক্তন বিধায়ক জীতেন গগৈ আৰু কুশল দুৱৰীৰ লগতে তিনিগৰাকী লোকক ২ বছৰৰ কাৰাদণ্ডৰ লগতে ৫ হাজাৰকৈ জৰিমনা বিহে। ২০০৯ চনৰ ১৭ মাৰ্চত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মিহিমুখ ফৰেষ্ট গেটেদি প্ৰাক্তন বিধায়কদ্বয় জীতেন গগৈ আৰু কুশল দুৱৰীসহ এটা দলে তিনিখন জীপচী লৈ অনাধিকাৰ প্ৰবেশ কৰি ঘিলাধাৰি ডুবিত মাছ মৰাৰ সময়ত ফৰেষ্ট ৰেঞ্জাৰ ধৰণীধৰ বড়োৱে বাধা দিওঁতে বিধায়ক জীতেন গগৈৰ নেতৃত্বত যোৱা দলটোৱে AK 47 বন্দুকেৰে ৰেঞ্জাৰগৰাকীক ভাবুকি দিছিল। যাৰ ফলত এই ঘটনাৰ লগে লগে গোচৰ তৰিছিল সেই সময়ৰ ৰেঞ্জাৰ ধৰণীধৰ বড়োৱে৷ আজি গোলাঘাটৰ অতিৰিক্ত জিলা ও সত্ৰ ন্যায়ধীশৰ গোচৰৰ ভিত্তিত ২৭/৩৫ B ধাৰাত বন্যপ্ৰাণী সুৰক্ষা আইনৰ ৫১ (১) ৰ অধীনত আদালতে শাস্তি প্ৰদান কৰে৷ সেই গোচৰৰ ভিত্তিত প্ৰাক্তন বিধায়ক জীতেন গগৈ আৰু কুশল দুৱৰীৰ লগতে তৰুন বৰা, ডম্বৰুধৰ গগৈ আৰু বাবু গগৈকো মহামান্য আদালতে শাস্তি বিহে৷ ইফালে ন্যায়ালয়ে দোষী সাব্যস্ত কৰা বোকাখাতৰ প্ৰাক্তন বিধায়ক জীতেন গগৈয়ে উচ্চ ন্যায়ালয়ৰ কাষ চাপিব বুলি উল্লেখ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

মহম্মদ ছামীৰ কামবেক, বাদ পৰিল মহম্মদ ছিৰাজ…চেম্পিয়নছ ট্ৰফীক লৈ BCCI-এ দিলে চমক!

বিচিচিআই-এ শনিবাৰে চেম্পিয়নছ ট্ৰফীৰ বাবে টীম ইণ্ডিয়াৰ খেলুৱৈসকলৰ নাম...

১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বাজেট, অষ্টমবাৰৰ বাবে বাজেট দাখিল কৰিব সীতাৰমণে

৩১ জানুৱাৰীৰ পৰা ৪ এপ্ৰিললৈ সংসদৰ বাজেট অধিৱেশন। কেন্দ্ৰীয়...

ইমৰাণ খানক ১৪ বছৰৰ কাৰাদণ্ড, ২০ হাজাৰ কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক ১৪ বছৰৰ কাৰাদণ্ড। ভূমি...

হে যুদ্ধ বিদায়…ৰাছিয়া–ইউক্ৰেইন যুদ্ধত মৃত্যু ১২ ভাৰতীয়ৰ, সন্ধান নাই ১৬জনৰ

ৰাছিয়া–ইউক্ৰেইন যুদ্ধত প্ৰাণ গৈছে ১২ ভাৰতীয়ৰ। ১৬ জন ভাৰতীয়...