আধাৰৰ ঠিকনা সলনিৰ বাবে কি কৰিব লাগিব?

আধাৰ কাৰ্ডত ঠিকনা আপডেটৰ নিয়মত সাল সলনি কৰা হৈছে। UIDAI-এ পূৰ্বৰ নিয়মত সালসলনি কৰিছে। ঠিকনা আপডেটৰ বাবে এতিয়াৰে পৰা বাধ্যতামূলক হল ঠিকনাৰ প্ৰমাণ পত্ৰ। অনলাইনযোগে ঠিকনা সলনি কৰিব পাৰিব আবেদনকাৰীয়ে। মোবাইলতে সহজতে ঠিকনা সলনি কৰিব পাৰিব। ইয়াৰ বাবে UIDAIৰ ৱেবছাইটত লগ ইন কৰিব লাগিব। ইয়াৰ পিছত ‘Proceed to Update Aadhar’ লিংকত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনাৰ ১২ সংখ্যক আধাৰ নম্বৰ দিব লাগিব। ইয়াৰ পিছত কেপছা কোড দিয়াৰ পিছত ‘Send OTP’ত ক্লিক কৰিব লাগিব। লগে লগে পঞ্জীকৃত ফোন নম্বৰত অহা OTPটো দি ‘Login’ত ক্লিক কৰিব লাগিব। লগইন কৰাৰ পিছতে আধাৰৰ তথ্য দেখা পাব। সেই স্থানত সঠিক ঠিকনা দিব লাগিব। লগতে ঠিকনাৰ প্ৰমাণ পত্ৰৰ এটা স্কেন কপি আপলোড কৰি ছাবমিট কৰিব লাগিব। আনহাতে, অফলাইন আৱেদনৰ বাবে আধাৰ কেন্দ্ৰলৈ যাব লাগিব আবেদনকাৰীয়ে। আপডেট ফৰ্ম জমা কৰি নিজৰ বায়মেট্ৰিক্স দিব লাগিব। আধাৰ কৰ্তৃপক্ষই এটা URN নম্বৰ দিব আবেদনকাৰীক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...