অৱশেষত আৰক্ষীৰ জালত ছাত্ৰী আক্ৰমণকাৰী হানিফ আলী

অৱশেষত আৰক্ষীৰ জালত পৰিল ছাত্ৰী আক্ৰমণকাৰী হানিফ আলী ৷ যোৱা ২২ ফেব্ৰুৱাৰীত সংঘটিত হৈছিল চাঞ্চল্যকৰ ঘটনা। দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ লাৰুৱাজানত সংঘটিত হৈছিল এই ঘটনা ৷ পৰীক্ষা দি ঘৰলৈ ওভতাৰ পথত লাৰুৱাজন হেপী ভেলী একাডেমীৰ এগৰাকী নৱম শ্ৰেণীৰ কিশোৰী ছাত্ৰীক নিৰ্জন পথাৰত অকলে পাই হানিফ আলীয়ে চলাইছিল বৰ্বৰ আক্ৰমণ ৷ এই ঘটনাৰ পিছতেই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য ৷ ছাত্ৰী আক্ৰমণৰ ঘটনাক নিন্দা আৰু প্ৰতিবাদ কৰিছিল বিভিন্ন দল-সংগঠনে ৷ ঘটনা সংক্ৰান্তত ছাত্ৰীগৰাকীৰ পৰিয়ালে জোৰশিমুলী আৰক্ষী চকীত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষী বিষয়া নৱজিৎ ডেকাই ছাত্ৰী অপহৰণকাৰী লম্পট হানিফ আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীৰ বৰাগাঁৱৰ গণেশ মন্দিৰৰ পৰা চোৰে লুটি নিলে ৩ লক্ষাধিক টকাৰ সোণ, নগদ ধন

গুৱাহাটীৰ বৰাগাঁৱত পুনৰ ধৰ্মীয় উপাসনাস্থলীত চোৰৰ উপদ্ৰৱ। ৰাষ্ট্ৰীয় ঘাইপথৰ...