বেডমিণ্টন টুৰ্ণামেণ্ট, অসমৰ দলৰ হাতত শোচনীয় পৰাজয় মেঘালয়ৰ দলৰ

অসমৰ দলৰ হাতত মুখথেকেচা খালে মেঘালয়ৰ দলে। মানকাচৰৰ খাৰুৱাবান্ধা নৱজ্যোতি অৰুণোদয় ক্লাৱৰ সৌজন্যত বেডমিণ্টন টুৰ্ণামেণ্ট। চূড়ান্ত খেলত অসমৰ খাৰুৱাবান্ধাৰ হাতত পৰাস্ত মেঘালয়ৰ শিঙিমাৰী দল। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰৰ খাৰুৱাবান্ধাত বিগত প্ৰায় এসপ্তাহ ধৰি অনুষ্ঠিত হোৱা বেডমিণ্টন টুৰ্ণামেণ্টৰ সামৰণি পৰে। চূড়ান্ত খেলত মেঘালয়ৰ শিঙিমাৰীৰ ৰাহুল সিং ভাণ্ডাৰীৰ দল আৰু অসমৰ খাৰুৱাবান্ধাৰ খাইৰুজ্জামান ৰাকেশৰ দলৰ মাজত অনুষ্ঠিত হয়। চূড়ান্ত খেলত খাইৰুজ্জামান ৰাকেশ মেঘালয়ৰ ৰাহুল সিং ভাণ্ডাৰীক ২-০ গেমত পৰাস্ত কৰে। প্ৰথমটো গেমত ৰাকেশ ২১-১৫ পইণ্টত পৰাস্ত কৰাৰ লগতে দ্বিতীয়টো গেমত ২১-১১ পইণ্টত পৰাস্ত কৰে। চূড়ান্ত বিজয়ী দলৰ খেলুৱৈ দুজনক দুটা ট্ৰফী আৰু নগদ ১০ হাজাৰ টকাৰ বঁটা প্ৰদান কৰা হয়। একেদৰে ৰানাৰ্চ আপ দলৰ দুই খেলুৱৈক ট্ৰফী আৰু নগদ ৫ হাজাৰ টকাৰে পুৰস্কৃত কৰা হয়। চূড়ান্ত খেলখনত কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে জিলা ক্ৰীড়া সন্থাৰ সভাপতি আবু হানিফ আৰু সাধাৰণ সম্পাদক শুকুৰ আলী উপস্থিত থাকি চূড়ান্ত বিজয়ী দলক জিলাৰ শ্ৰেষ্ঠ খেলুৱৈ বুলি ঘোষণা কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

আজি “ৰাষ্ট্ৰীয় প্ৰেছ দিৱস”

আজি "ৰাষ্ট্ৰীয় প্ৰেছ দিৱস"। ১৬ নৱেম্বৰত দেশজুৰি পালন কৰা...

ৰাজ্য কঁপোৱা ফাঁচী বজাৰ কাণ্ডক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া, অসম আৰক্ষীলৈ কি আহ্বান মুখ্যমন্ত্ৰীৰ?

গুৱাহাটীৰ ফাঁচীবজাৰৰ ঘটনাই জোকাৰিছে ৰাজ্য। ডেলিভাৰী বয়ক আৰক্ষী বিষয়াই...

গুৱাহাটীৰ ফাঁচীবজাৰত চাঞ্চল্যকৰ ঘটনা

গুৱাহাটীৰ ফাঁচীবজাৰত চাঞ্চল্যকৰ ঘটনা। এজন ডেলিভাৰী বয়ক প্ৰহাৰ আৰক্ষী...

কেতিয়াও নেদেখা ৰূপত দেখা যাব অভিনেতা ভিকী কৌশলক

এইবাৰ ভিন্নৰূপত অভিনেতা ভিকী কৌশল। পৰশুৰামৰ চৰিত্ৰত অভিনয়ৰ বাবে...