কিয় কাজিৰঙালৈ আহিব দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ?

কাজিৰঙালৈ আহিব ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। ৰাষ্ট্ৰপতিগৰাকীৰ আগমনক লৈ বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ, জিলা প্ৰশাসন যথেষ্ট সষ্টম হৈ পৰিছে। কিন্তু কিয় কাজিৰঙালৈ আহিব ভাৰতৰ ৰাষ্ট্ৰপতি গৰাকী? কেৱল ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ আহিবনে ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকী? কাজিৰঙাৰ প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱে সদৰী কৰা অনুসৰি কাজিৰঙাত নিৰ্মান হ’ব লগীয়া ২,৬২৫ কোটি টকাৰ ৩৬ কিঃমিঃ দৈৰ্ঘ্যৰ বিশ্বৰ অন্যতম বৃহৎ উৰণীয়া হেঁতুৰ প্ৰাৰম্ভিক কাম-কাজৰ বুজ ল’বলৈ আহিব ৰাষ্ট্ৰীপতিগৰাকী। কাজিৰঙাত বন বিভাগে ৰাষ্ট্ৰপতিগৰাকীৰ সন্মুখত এলিভেটেড কৰিডৰত নিৰ্মাণ হ’বলগীয়া উৰণীয়া হেতুৰ বিৱৰণ তুলি ধৰিব। অহা ২৬ ফেব্ৰুৱাৰীত বন বিভাগৰ পৰমানন্দ লাহন প্রেক্ষাগৃহত ৰাষ্ট্ৰপতিগৰাকীৰ বাবে প্ৰদৰ্শিত হ’ব কাজিৰঙাৰ ঐতিহ্য-ইতিহাস। আনহাতে, ২৭ ফেব্ৰুৱাৰীৰ পুৱা কাজিৰঙাৰ কহঁৰা বনাঞ্চলত হাতী চাফাৰী অথবা জীপ চাফাৰীৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিব। উল্লেখ্য যে, স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰৰ পিছত দ্বিতীয়জন ৰাষ্ট্ৰপতিৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ হ’ব। কাৰণ ইয়াৰ পূৰ্বে ১৯৮১ চনৰ জানুৱাৰী মাহত কাজিৰঙাৰ কহঁৰাত অৱস্থিত অসম পৰ্যটন বিভাগৰ বনানী পৰ্যটন নিবাসত ৰাত্ৰি যাপন কৰিছিল ভাৰতৰ ষষ্ঠজন ৰাষ্ট্ৰপতি নীলম সঞ্জীৱ ৰেড্ডীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...