বাপ্পী লাহিড়ী, মাইকেল জেকছন আৰু সোণৰ চেইনডাল

বলীউডৰ ‘ডিস্কো কিং’ বাপ্পী লাহিড়ীয়ে এবাৰ প্ৰকাশ কৰিছিল যে পপ তাৰকা মাইকেল জেকছন তেওঁৰ অনুৰাগী আছিল। ১৯৯৬ চনত মাইকেলৰ মুম্বাই ভ্ৰমণৰ সময়ত তেওঁ বাপ্পীক লগ পায় আৰু কয় যে, তেওঁ ‘ডিস্কো ডান্সাৰ’ৰ ‘জিমি জিমি’ গানটো ভাল পায়।

কেইবছৰমান পূৰ্বে ‘দ্য কপিল শৰ্মা শ্ব’ত বাপ্পীয়ে এই ঘটনাটো বৰ্ণনা কৰিছিল। “যেতিয়া তেওঁ মুম্বাইলৈ আহিছিল, মই কৰ’বাত বহি আছিলো। তেওঁ মোৰ ওচৰলৈ আহিছিল আৰু ভগৱান গণেশৰ পেণ্ডেণ্টৰ সৈতে মোৰ সোণৰ চেইনডাল লক্ষ্য কৰিছিল আৰু কৈছিল, ‘Oh my God, fantastic! তোমাৰ নাম কি?’ মই নিজৰ পৰিচয় দিছিলো),” তেওঁ কৈছিল।

“তুমি কম্প’জাৰ নেকি?’ বাপ্পীয়ে কৈছিল, ‘হয়, মই ‘ডিস্কো ডান্সাৰ’ কৰিছো। মই ডিস্কো ডান্সাৰ বুলি কোৱাৰ লগে লগে, তেওঁ কৈছিল, ‘মই তোমাৰ জিমি জিমি গানটো ভাল পাওঁ’, মাইকেলে কৈছিল।

মৃত্যুৰ আগতে বাপ্পীক এমাহৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তেওঁক ভৰ্তি কৰোৱা চিকিৎসালয়খনৰ সঞ্চালক ডাঃ দীপক নামযোশীয়ে কয়, “লাহিড়ীক এমাহৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু সোমবাৰে তেওঁক অব্যাহতি দিয়া হৈছিল। কিন্তু মঙলবাৰে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল আৰু তেওঁৰ পৰিয়ালে এজন চিকিৎসকক তেওঁলোকৰ ঘৰলৈ যাবলৈ আহ্বান জনাইছিল। তেওঁক চিকিৎসালয়লৈ অনা হৈছিল। তেওঁৰ একাধিক স্বাস্থ্যজনিত সমস্যা আছিল। OSA (obstructive sleep apnea)ৰ ফলত তেওঁৰ মৃত্যু হয়।”

‘বাপ্পী দা’ নামেৰে জনাজাত, লাহিড়ীয়ে ৮০ৰ পৰা ৯০ দশকত এক ডাঙৰ সফলতা লাভ কৰিছিল। তেওঁ আই এম এ ডিস্কো ডান্সাৰ, য়াৰ বিনা চেইন কাহান ৰে, তাম্মা তাম্মা লোগে, কোই ইয়াহান নাচে নাচে, ওহ লা লা আদি গীতৰ বাবে জনাজাত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...