এইবাৰ ব্ৰইলাৰ কুকুৰাৰ বৃহৎ ছিণ্ডিকেট অসমত

মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিচতো ৰাজ্যত অব্যাহত ছিণ্ডিকেট। চিৰাঙত এইবাৰ পোহৰলৈ আহিছে ব্ৰইলাৰ কুকুৰাৰ বৃহৎ ছিণ্ডিকেট। প্ৰতি দিনে বজাৰত বৃদ্ধি পাবলৈ ধৰিছে ব্ৰইলাৰ কুকুৰাৰ মাংসৰ দাম। কিয়নো ব্ৰইলাৰ আমদানিত চলিছে ভয়ংকৰ ছিণ্ডিকেট। পশ্চিম বংগৰ পৰা অহা প্ৰতিখন ব্ৰইলাৰ কঢ়িওৱা বাহনৰ পৰা দালালে সংগ্ৰহ কৰি আহিছে ১৫ৰ পৰা১৬ হেজাৰ টকাকৈ গুণ্ডা কৰ। যাৰ বাবে পানীত হাঁহ নচৰা অৱস্থা হৈছে ব্ৰইলাৰ কঢ়িওৱা বাহনৰ ব্যৱসায়ীসকলৰ। অভিযোগ অনুসৰি আৰক্ষী-পৰিবহন বিভাগো জড়িত এই ব্ৰইলাৰ ছিণ্ডিকেটৰ সৈতে। কিবা কাৰণে গুণ্ডাকৰ নিদিলে ব্ৰইলাৰ কুকুৰা কাঢ়ি লোৱাৰ লগতে জৰিমনাও লয় দালাল চক্ৰই।

NKTV Digital
Author: NKTV Digital

279 COMMENTS

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...