ন্যায়ৰ বাবে ৭ দিন ধৰি একেৰাহে প্ৰতিবাদ

সপ্তম দিনত ভৰি দিলে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদে। সমগ্ৰ ৰাজ্যৰ লগতে কলিয়াবৰতো অব্যাহত আছে অস্থায়ী গ্ৰামোন্নয়ন কৰ্মচাৰীৰ প্ৰতিবাদ। কলিয়াবৰ আৰু পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত অস্থায়ী কৰ্মচাৰীসকলেও সপ্তম দিনৰ বাবে পালন কৰিছে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী। ঠিকাভিত্তিক কৰ্মচাৰীৰ চাকৰি ৬০ বছৰলৈ সুনিশ্চিত কৰা, সম কামৰ সম মৰ্যাদা দিয়াৰ লগতে বিভিন্ন দাবীত বিগত ৬ দিনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছতো গা লৰা নাই চৰকাৰৰ। ফলত অনিৰ্দিষ্টকাললৈ প্ৰতিবাদ চলাই যোৱাৰ হুংকাৰ দিছে ঠিকাভিত্তিক কৰ্মচাৰী সকলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসম ক্ৰিকেট সন্থাৰ উদ্বোধনী বৰ্ষৰ অসম প্ৰিমিয়াৰ লীগ নিলামৰ বাবে খেলুৱৈৰ তালিকা যুগুত

অসম প্ৰিমিয়াৰ লীগৰ উদ্বোধনী সংস্কৰণৰ খেলুৱৈৰ তালিকা আনুষ্ঠানিকভাৱে ঘোষণা...

জিম্বাবুৱে ভ্ৰমণৰ বাবে ভাৰতীয় টি-২০ দল ঘোষণা: বাদ পৰিল সঞ্জু ছেমচন, স্থান পালে ১৫ বছৰীয়া ‘অৰেঞ্জ কেপ’ বিজয়ী বৈভৱে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (BCCI) জিম্বাবুৱেৰ বিৰুদ্ধে হ’বলগীয়া আগন্তুক...

অযোধ্যাৰ ৰাম মন্দিৰত ধন আত্মসাতৰ অভিযোগ: চম্পত ৰায় আৰু অনিল মিশ্ৰৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

উত্তৰ প্ৰদেশৰ অযোধ্যাৰ ৰাম মন্দিৰত দান-বৰঙণি আত্মসাতৰ অভিযোগৰ মাজতে...