লতাজীৰ অন্তিম দিনটোত কি হৈছিল, কিয় হেডফোন আনিবলৈ কৈছিল?

ভাৰত ৰত্ন কোকিলকণ্ঠী লতা মংগেশকাৰৰ দেওবাৰে ৯২ বছৰ বয়সত দেহাৱসান ঘটে। মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে লতাজীয়ে। যোৱা ২৯ দিন ধৰি কভিড আৰু নিউমোনিয়াৰ সৈতে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে লতা মংগেশকাৰে। ভইচ অভাৰ আৰ্টিষ্ট হৰিশ ভিমানিয়ে এটা সাক্ষাৎকাৰত প্ৰকাশ কৰিছে লতাজীৰ মৃত্যুৰ অন্তিম সময়ৰ কথা। লতাজীয়ে দেউতাক দীননাথ মংগেশকাৰক মনত পেলাই অন্তিম দিনবোৰত অতি আৱেগিক হৈ পৰিছিল। লগতে দেউতাকৰ ৰেকৰ্ডিং আৰু সেই সময়ৰ কথাবোৰ মনত পেলোৱাৰ কথা প্ৰকাশ কৰিছে।
হৰিশে সদৰি কৰা মতে, দেউতাকে গোৱা গানবোৰ গাবলৈ চেষ্টা কৰিছিল লতাজীয়ে। মৃত্যুৰ কিছুদিন পূৰ্বে হেডফোন বিচাৰিছিল লতাজীয়ে। মুখত লগাই ৰখা মাস্ক আঁতৰাবলৈ কোৱা হোৱা নাছিল, কিন্তু শেষৰ দুদিনমান মাস্ক আঁতৰাই ৰখা হৈছিল।
হৰিশে সদৰি কৰা অনুসৰি লতাজীয়ে নিজৰ গান শুনিবলৈ ভাল নাপাইছিল। কিয়নো যেতিয়াই নিজৰ গান শুনিছিল, সেই গানটোত নিজৰ ভুল ধৰা পেলাইছিল আৰু ইয়াক লৈ যথেষ্ট দুখী হৈ পৰিছিল। এই কথা ভাবি অস্থিৰ হৈ পৰিছিল যে যদিহে কোনো সংগীতজ্ঞই লতাজীৰ গান শুনি ভুল কৰে! এই কথাবোৰ ভাবি ব্যথিত হৈ পৰিছিল। আনহাতে, লতা মংগেশকাৰে দেউতাকক বহুত সন্মান কৰিছিল আৰু গুৰু হিচাপে গণ্য কৰিছিল।
উল্লেখ্য যে, লতাজীৰ মৃত্যুত দুদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰা হৈছে। এই দুদিনত সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় পতাকা অৰ্ধ উত্তোলন কৰি ৰখা হৈছে। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বলীউডৰ অভিনতা তথা বহু বিশিষ্ট ব্যক্তিয়ে লতাজীৰ মৃত্যুত শোক প্ৰকাশ কৰি ছ’চিয়েল মিডিয়াত পোষ্ট শ্বেয়াৰ কৰিছে আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...