শেষ শ্ৰদ্ধাৰ বাবে সন্ধিয়ালৈকে শিৱাজী পাৰ্কত ৰখা হ’ব নশ্বৰদেহ

কভিডযুদ্ধত পৰাজিত হৈ ইহ সংসাৰৰ পৰা বিদায় মাগিলে সুৰৰ সম্ৰাজ্ঞীয়ে। আজি মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে লতাজীয়ে। লতাজীয়ে প্ৰায় দুবছৰ ধৰি ঘৰ এৰি যোৱা নাছিল। মাজে সময়ে সামাজিক মাধ্যমৰ জৰিয়তে অনুৰাগীসকলক বাৰ্তা দিছিল। বৰ্ধিত বয়স আৰু স্বাস্থ্য দুৰ্বল হোৱাৰ বাবে কোঠাতে অধিক সময় অতিবাহিত কৰিছিল। ঘৰৰ এজন কৰ্মচাৰী কৰোণা পজিটিভ হোৱাৰ পিছত স্বাস্থ্য পৰীক্ষা কৰা হৈছিল। ৮ জানুৱাৰীত কভিড পজিটিভ পোৱা গৈছিল। লতাজীৰ মৃত্যুত ২ দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰা হৈছে। অন্তিম দৰ্শনৰ বাবে মুম্বাইৰ শিৱাজী পাৰ্কত ৰখা হ’ব নশ্বৰদেহ। বিএমচিৰ পিআৰঅ’ তানাজী কাম্বলে সদৰি কৰা অনুসৰি শিৱাজী পাৰ্কৰ শ্মশানত লতাজীৰ শেষকৃত্য সম্পন্ন কৰা হ’ব। অৱশ্যে ইয়াৰ সময় এতিয়াও নিশ্চিত কৰা হোৱা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...