জোনাকৰে ৰাতি, অসমীৰে মাটি, জিলিকি জিলিকি পৰে…

বহুকেইটা অসমীয়া ছবিত গীত গাইছিল কোকিলকণ্ঠী লতা মংগেশকাৰে। ভূপেন হাজৰিকাৰ সংগীত পৰিচালনা, কথা আৰু সংগীত ব্যৱস্থাপনাৰে সেই সময়ত এনে অসংখ্য ছবিৰ বাবে লতা মংগেশকাৰে কালজয়ী গীত গাইছিল। ভাৰতৰত্ন ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা এৰা বাটৰ সুৰ ছবিখনত ১৯৫৬ চনতেই লতা মংগেশকাৰে গাইছিল এটি কালজয়ী গীত। সেই গীতটো আছিল ‘জোনাকৰে ৰাতি, অসমীৰে মাটি, জিলিকি জিলিকি পৰে…’। এই গীতটিৰ কথা, সুৰ আৰু সংগীত আছিল ভূপেন হাজৰিকাৰ। ‘ মই অধাই জলধিৰ মাজলৈ’ শীৰ্ষক গীতটো গাইছিল লতা মংগেশকাৰে। ‘গোদাবৰী নৈৰে পৰা অসমী আইলৈ যাচো প্ৰণাম’ শীৰ্ষক গীতটোতো কণ্ঠদান কৰিছিল লতাই। ভূপেন হাজৰিকাৰ সৈতে ‘দুয়ো মুখামুখি’ শীৰ্ষক গীতটোতো কণ্ঠদান কৰিছিল লতা মংগেশকাৰে। শনি তালুকদাৰে ৰচনা কৰা আকাশ অ’ আকাশ মোক জোনাকী এমুঠি দিয়া গীতটো গাইছিল লতা মংগেশকাৰে। অপৰাজেয় ছবিখনত এই গীতটো গাইছিল লতা মংগেশকাৰে। ৯২ বছৰ বয়সত মৃত্যুৰ পিছতে দেশজুৰি শোকৰ ছাঁ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি। আঙুঠিটোৰ...

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ। ৰাণী ব্লক স্থানান্তৰ কৰাক...

ধিঙত আকৌ ধৰ্ষণৰ ঘটনা সংঘটিত হ’ল

ধিঙত ইমান ধৰ্ষণকাৰী ক’ৰপৰা আহিল? শেহতীয়া ঘটনাটো মনত আছেনে?...