এইবাৰ আহি আছে মহিলা IPL! ক’ত, ক’ত অনুষ্ঠিত হ’ব খেল?

পুৰুষ IPLৰ বৃহত্তম সফলতাৰ পিছত এইবাৰ মহিলা IPLক এক নতুন দিগন্ত দিব খুজিছে BCCI-এ। BCCIৰ সভাপতি সৌৰভ গাংগুলীয়ে মহিলাৰ IPLৰ ওপৰত এটা ডাঙৰ আপডেট দিছে। গাংগুলীয়ে কয় যে “এই বছৰৰ মহিলাৰ টি-২০ চেলেঞ্জ ট্ৰফী বা মিনি মহিলা IPL মে মাহত অনুষ্ঠিত হ’ব। আৰু আশা কৰোঁ ভৱিষ্যতে আমি এখন ডাঙৰ মহিলা IPL আয়োজন কৰিবলৈ সক্ষম হ’ম, কিন্তু এই বছৰ IPL প্লে অফৰ সময়ত মহিলাৰ টি-২০ চেলেঞ্জ ট্ৰফী আমি অনুষ্ঠিত কৰিম।”

মহিলাৰ টি-২০ চেলেঞ্জ ট্ৰফীত ৩টা দলে অংশগ্ৰহণ কৰে। দলৰ নাম কেইটা হৈছে চুপাৰনোভা, ভেলোচিটি আৰুট্ৰেইল ব্লেজাৰ। এতিয়ালৈকে, প্ৰতিযোগিতাখন মাত্ৰ তিনিবাৰ অনুষ্ঠিত হৈছে। ২০১৮ আৰু ২০১৯ চনত, চুপাৰনোভাই খিতাপ জিকিছিল আনহাতে ২০২০ চনত, ট্ৰেইল ব্লেজাৰে খিতাপ জিকিছিল। অৱশ্যে, যোৱা বছৰ ক’ভিডৰ বাবে এই প্ৰতিযোগিতাখন খেলিব পৰা নগ’ল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...