কেনেকৈ জানিব আপুনি ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈছে?

ডায়েবেটিছক ছাইলেণ্ট কিলাৰ বুলিও কোৱা হয়। আপুনি নজনাকৈয়ে চিকাৰ হ’ব পাৰে ডায়েবেটিছৰ। শৰীৰত কিছু লক্ষণ দেখিলেই যদি আপুনি সাৱধান হয় তেন্তে ইয়াৰ পৰা আপুনি পৰিত্ৰাণ পাব পাৰে। ডায়েবেটিছ ৰোগীৰ অধিক ভোগ লাগে আৰু ভাগৰুৱা অনুভৱ কৰে। আমি যি খাও আমাৰ শৰীৰে তাক গ্লুক’জত পৰিৱৰ্তিত কৰে, যাক আমাৰ শৰীৰৰ কোষে শক্তিৰ বাবে ব্যৱহাৰ কৰে। কোষে গ্লুক’জ লোৱাৰ বাবে ইনছুলিনৰ প্ৰয়োজন হয়। যদি আমাৰ শৰীৰে পৰ্যাপ্ত ইনছুলিন প্ৰস্তুত নকৰে, তেন্তে গ্লুক’জ তালৈ নাযায় আৰু শৰীৰে শক্তি নাপায়। সেইবাবেই ডায়েবেটিছ ৰোগীৰ অধিক ভোক আৰু ভাগৰুৱা অনুভৱ হয়। ডায়েবেটিছ ৰোগীৰ প্ৰস্ৰাৱ ঘনে ঘনে লাগে আৰু পিয়াহো অধিক লাগে। ব্লাড ছুগাৰৰ স্তৰ বাঢ়িলে তেনে লোকে দিনত ৮-১০ বাৰ প্ৰস্ৰাৱ কৰিব লাগে। তেজত ছুগাৰৰ মাত্ৰা অধিক হ’লে ছালৰ খজুৱতি হ’বলৈ লয়। যদি আপোনাৰ ডিঙি, বাহু, কঁকাল বা শৰীৰৰ আন অংশত ডাঠ দাগ দেখিছে তেন্তে তেজত বহুত বেছি ইনছুলিন হোৱাৰ সংকেত। চকুৰে ধোঁৱা ধোঁৱা দেখা, সোনকালে ঘা নুশুকুৱা, বাৰে বাৰে মুখ শুকাই যোৱা আদি লক্ষণ দেখা দিলে আপুনি সাৱধান হওক। এইয়া ডায়েবেটিছৰো লক্ষণ হ’ব পাৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

দেৱদাস চৰিত্ৰতো ৰূপায়ণ কৰিবলৈ সুৰাৰ আশ্ৰয় লৈছিল শ্বাহৰুখ খানে!

ৰোমাঞ্চ, হাঁহি, কান্দোন, খং, দুখ, শোক সকলো উজাই আহে...

ছলমান খানৰ জীৱন দাম নিৰ্ধাৰণ কৰিলে গেংষ্টাৰ বিষ্ণয়ে

'যদি জীয়াই থাকিব খুজিছা ৫ কোটি দিয়া, নহ’লে বাবা...

পুত্ৰক উদ্ধাৰৰ বাবে যোৱা পিতৃও উটি গ’ল নৈৰ সোঁতত

কাৰ লগত কেতিয়া কি হৈ যায়, কাৰ জীৱনে কেতিয়া...

অপৰাধীৰ ৰম্যভূমিলৈ যেন পৰিণত হৈছে গুৱাহাটী মহানগৰী

অপৰাধীৰ ৰম্যভূমিলৈ যেন পৰিণত হৈছে উত্তৰ-পূবৰ দুৱাৰমুখস্বৰূপ গুৱাহাটী মহানগৰী।...