এইবাৰ বিদেশতো জনপ্ৰিয় হৈছে ‘কেঁচা বাদাম’, ধুমুহাৰ গতিত ভাইৰেল কিলি পলৰ নৃত্য

সংগীত আৰু নৃত্যৰ কোনো ভাষা নাই কোনো জাতি নাই। নাই কোনো ধৰ্ম, জাতি, দেশ অথবা সম্প্ৰদায়। মানুহৰ মনৰ সৈতে এই দুটা কলাৰ সংপৃক্ত। সেয়েহে লতা মংগেশকাৰ, কিশোৰ কুমাৰৰ পৰা এ আৰ ৰহমান, অৰিজিত সিং, নেহা কক্কৰ এনে বহু তাৰকা আছে যাৰ দেশৰ সীমাৰ বাহিৰত বিদেশতো সমানে জনপ্ৰিয়। একেদৰে লেডী গাগা, ৰিহানা, জাষ্টিন বিবাৰৰ দৰে বিদেশী শিল্পীৰ নামো ভাৰতীয়ৰ মুখে মুখে।
তাঞ্জানিয়াৰ এহাল ভাতৃ-ভগ্নীৰ যুটীয়ে ইনষ্টাগ্ৰামত খলকনি তুলিছে। কৃষ্ণাংগ চেহেৰাৰ এই ভাতৃ-ভগ্নী হৈছে কিলি পল আৰু নিমা পল। বলীউডৰ জনপ্ৰিয় গানৰ তালে তালে নৃত্য কৰি নেটিজেনসকলৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে।


শেহতীয়াভাবে পশ্চিম বংগৰ বীৰভূমৰ বাসিন্দা ভুৱন বৈদ্যকাৰৰ বিখ্যাত ‘কচা বাদাম’ গানটোত নৃত্য কৰে। ভিডিঅ’টো ইনষ্টাগ্ৰামত পোষ্ট কৰাৰ পিছত ই ধুমুহাৰ গতিত ভাইৰেল হৈ পৰে।
ইতিমধ্যে কিলি পল আৰু নিমা পলে ইতিমধ্যে বলীউডৰ বহুতো গানত নৃত্য কৰি ভাৰতীয়সকলৰ হৃদয় জয় কৰিছে। নেটিজেনসকলে হিন্দী নজনাকৈ হিন্দী গানত কঁকাল ভঙাৰ দৃশ্য দেখি উচ্চ প্ৰশংসা কৰি আহিছে। এইবাৰ হিন্দী নেওচি বাংলা গানত নৃত্য কৰিছে। কেৱল কিলি পলে নহয়, মুম্বাই, বাংলাদেশৰ বহুতো তাৰকাই ভুৱন বৈদ্যকাৰৰ ভাইৰেল ‘কাচা বাদম’ গানটোত আনন্দেৰে নচা ভিডিঅ ভাইৰেছ হৈছে সামাজিক মাধ্যমত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...