মাতৃদুগ্ধৰ জৰিয়তে নৱজাতকলৈ ক’ভিড বিয়পিব পাৰে নেকি?

ক’ভিড পজিটিভ মাতৃয়ে স্তনপানৰ জৰিয়তে সন্তানৰ শৰীৰত সংক্ৰমিত কৰিব পাৰে নে নোৱাৰে, মানুহে ইয়াক লৈ যথেষ্ট বিভ্ৰান্ত। ইয়াক দূৰ কৰিবলৈ আমেৰিকান বিজ্ঞানীসকলে শেহতীয়াকৈ এক গৱেষণা কৰিছে। ইয়াত কৈছে যে স্তনপানৰ জৰিয়তে সংক্ৰমিত মহিলাগৰাকীৰ পৰা সন্তানলৈ ভাইৰাছ স্থানান্তৰ বা বিয়পাৰ বিষয়ে এতিয়ালৈকে কোনো প্ৰমাণ পোৱা হোৱা নাই। ইতিমধ্যে এই গৱেষণাটো পেডিয়াট্ৰিক ৰিচাৰ্চ আলোচনীত প্ৰকাশিত হৈছে।
মাতৃদুগ্ধত ক’ভিড ভাইৰাছ থাকে নেকি?
বিজ্ঞানীসকলৰ মতে, মাতৃদুগ্ধত ক’ভিড ভাইৰাছৰ অতি কম পৰিমাণৰ আনুবংশিক সমল পোৱা গৈছে। অৱশ্যে গাখীৰ খোৱা কেঁচুৱা এটাক সংক্ৰমিত কৰিব পাৰে, ইয়াৰ কোনো নিদানিক বা স্পষ্ট প্ৰমাণ পোৱা হোৱা নাই।
কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এক গৱেষণাত ১১০ গৰাকী মহিলা স্বেচ্ছাসেৱকৰ মাতৃদুগ্ধ পৰীক্ষা কৰিছিল। এই মাতৃসকলে বিশ্ববিদ্যালয়ৰ গৱেষণাৰ বাবে নিজৰ নমুনা দান কৰিছিল। ইয়াৰ ভিতৰত ৬৫গৰাকী মহিলা কভিড সংক্ৰমিত হৈছিল। ৯গৰাকী মহিলা আছিল যাৰ ভাইৰাছৰ লক্ষণ আছিল, কিন্তু তেওঁলোকৰ ৰিপৰ্ট নিগেটিভ আছিল। ইয়াৰ লগতে ৩৬গৰাকী মহিলাও আছিল যিয়ে লক্ষণ নথকা স্বত্বেও নিজকে পৰীক্ষা কৰাইছিল।
বিজ্ঞানীসকলে ১১০টা নমুনাৰ ভিতৰত ৭টাত কভিড ভাইৰাছৰ মূল প্ৰকাৰৰ আনুবংশিক উত্স বা সমল বিচাৰি পাইছিল। এইসকলৰ বা স্তনপান কৰাই থকা মহিলা আছিল ৬ শতাংশ। এই মহিলাসকল হয় কভিড সংক্ৰমিত আছিল অথবা ভাইৰাছৰ লক্ষণ আছিল।
গৱেষণাৰ দ্বিতীয় পৰ্যায়ত গৱেষকসকলে এই ৭গৰাকী মহিলাৰ মাতৃদুগ্ধৰ পুনৰ নমুনা লৈছিল। ১ৰ পৰা ৯৭ দিনৰ ভিতৰত লোৱা এই নমুনাবোৰত কভিডৰ আনুবংশিক সামগ্ৰী পোৱা নগ’ল। সহজ অৰ্থত ভাইৰাছটো মাতৃদুগ্ধত বৃদ্ধি হোৱা নাছিল।
গৱেষণাৰ মুখ্য বিজ্ঞানী পল ক্ৰগষ্টাডে কয়, “মাতৃৰ গাখীৰ শিশুসকলৰ বাবে পুষ্টিৰ এক বৃহৎ উৎস। গৱেষণাটোত, আমি কোনো প্ৰমাণ পোৱা নাছিলো যে কোভিড19ৰ দ্বাৰা সংক্ৰমিত মাতৃসকলৰ মাতৃদুগ্ধত যথেষ্ট পৰিমাণে কভিড ভাইৰাছ থাকে। একে সময়তে নৱজাতক সংক্ৰমিত হোৱাৰ কোনো প্ৰমাণ নাই। এই কথাই ইয়াকে সূচায় যে স্তনপান কৰোৱাৰ পৰা শিশুসকলৰ কোনো বিপদাৰ শংকা প্ৰায় নাই।”
কভিড পজিটিভ মাতৃয়ে কেনেদৰে স্তনপান কৰাব?
বিশ্ব স্বাস্থ্য সংস্থাই সদৰি কৰা অনুসৰি কভিড পজিটিভ মহিলাই শিশুক বা নিজৰ সন্তানক স্তনপান কৰাব পাৰে। কিন্তু কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগিব। উদাহৰণ স্বৰূপে, আপোনাৰ চাৰিওফালৰ বস্তুবোৰ বীজাণুমুক্ত কৰিব লাগিব। কেঁচুৱাটো তুলি লোৱাৰ আগতে চাবোন-পানী বা চেনিটাইজাৰেৰে হাত পৰিষ্কাৰ কৰা আৰু মাস্ক পিন্ধি থকাটো উচিত।
বিশেষজ্ঞসকলৰ মতে, বেছিভাগ মাতৃয়ে বুজি পায় যে স্তনপান কেৱল কেঁচুৱাটোৰ বাবেহে প্ৰয়োজনীয় তেনে নহয়। মাতৃসকলেও ইয়াৰ দ্বাৰা বহুতো লাভালাভ লাভ কৰে। উদাহৰণ স্বৰূপে, প্ৰসৱৰ পিছত বৰ্ধিত ওজন নিয়ন্ত্ৰণ কৰিব লগা হয়। ই ডায়েবেটিচ, হৃদৰোগ আৰু কৰ্কট ৰোগৰ দৰে ৰোগৰ আশংকা হ্ৰাস কৰে। ইয়াৰ লগতে ভৱিষ্যতে হাড় দুৰ্বল হোৱা ৰোগ বা অষ্টিওপোৰোচিছ আৰু গৰ্ভধাৰণৰ পিছৰ ৰক্তক্ষৰণৰ সম্ভাৱনাও বহু পৰিমাণে হ্ৰাস পায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...