ৰাইচ মোদী নুনিছা সোঁৱৰণী উত্তৰ-পূব মিডিয়া ক্ৰিকেট টুৰ্ণামেণ্টৰ কাউণ্ট ডাউন…

মঙলবাৰৰ পৰা মহানগৰীৰ জজ খেলপথাৰত আৰম্ভ হ’ব ৰাইচ মোদী নুনিছা সোঁৱৰণী উত্তৰ-পূব মিডিয়া ক্ৰিকেট চেম্পিয়নছ ট্ৰফী ২০২২ । এভাৰগ্ৰীন গ্ৰুপৰ দ্বাৰা আয়োজিত ১০দিনীয়াকৈ চলিবলগা এই টুৰ্ণামেণ্টখন অন্ত পৰিব ৪ ফেব্ৰুৱাৰীত।


প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা মুঠ ১২টা দলক ভাগ কৰা হৈছে ৪ টা গ্ৰুপত। গ্ৰুপ ‘এ’ ত আছে ডি ডি কে, এন ডি ২৪, শ্বিলং প্ৰেছ ক্লাব; গ্ৰুপ ‘ বি’ ত আছে এন কে টিভি , নিউজ টাইম অসম , কাৰ্বি আংলং প্ৰেছ ক্লাব; গ্ৰুপ চিত আছে প্ৰতিদিন টাইম, অসমীয়া প্ৰতিদিন, শিলচৰ প্ৰেছ ক্লাব আৰু গ্ৰুপ ডিত আছে ডি এ নিউজ প্লাছ, প্ৰাগ নিউজ আৰু মাই নিউজ এন ই।

মঙলবাৰৰ পুৱা ৯ বজাৰ পৰা প্ৰথম মেচত প্ৰাগ নিউজৰ বিৰুদ্ধে খেলিব মাই নিউজ এন ইয়ে। দিনৰ ১১.৩০ বজাত এক চমু উদ্বোধনী অনুষ্ঠানৰ আয়োজন। ইয়াৰ পাছতে ডি ডি কে আৰু শ্বিলং প্ৰেছ ক্লাবৰ মাজত আৰম্ভ হ’ব দ্বিতীয়খন মেচ।

প্ৰতিযোগিতাৰ ২ ফেব্ৰুৱাৰীত দুয়োখন ছেমি ফাইনেল আৰু ৪ ফেব্ৰুৱাৰীৰ পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হ’ব ফাইনেল মেচ। লক্ষণীয়ভাৱে এই প্ৰতিযোগিতাৰ সময়তে অনুষ্ঠিত হ’ব ৪খন প্ৰীতি ক্ৰিকেট মেচ। ইয়াৰ ভিতৰত ৩০ জানুৱাৰীৰ পুৱা প্ৰাক্তন ৰঞ্জি দলে মিডিয়া ছুপাৰ কিংছৰ বিৰুদ্ধে, ১ ফেব্ৰুৱাৰীৰ বিয়লি প্ৰাইভেট আই টি এণ্ড টেলিকম এছচিয়েচন (পিটা)ৰ বিৰুদ্ধে মিডিয়া ছুপাৰ কিংছে, ৩ ফেব্ৰুৱাৰীৰ পুৱা জনসংযোগে মিডিয়া ছুপাৰ কিংছৰ বিৰুদ্ধে আৰু বিয়লি প্ৰাইভেট আই টি এণ্ড টেলিকম এছচিয়েচন ( পিটা)ৰ বিৰুদ্ধে মিডিয়া ছুপাৰ কিংছে খেলিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...