৩১ জানুৱাৰীলৈকে নিৰ্বাচনী জনসভাৰ ওপৰত নিষেধাজ্ঞা

পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে ৩১ মাৰ্চলৈ নিৰ্বাচন আয়োগে বৃদ্ধি কৰিছে নিষেধাজ্ঞা। অহা মাহত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে ৰোড শ্ব’ আৰু ৰেলীৰ ওপৰত নিষেধাজ্ঞাৰ সময় বৃদ্ধি কৰিছে। ইয়াৰ মাজতে ১০ আৰু ১৪ ফেব্ৰুৱাৰীত হ’বলগীয়া প্ৰথম দুটা পৰ্যায়ৰ ভোটদানৰ ক্ষেত্ৰত কিছু শিথিলতাৰ কথা প্ৰকাশ কৰিছে। ঘৰে ঘৰে প্ৰচাৰৰ বাবে আৰু ক’ভিড নীতি অনুসৰি কিছুমান মুকলি স্থানত প্ৰচাৰৰ বাবে নিৰাপত্তা কৰ্মী আৰু ভিডিঅ’ ভেনক বাদ দি পাঁচজন লোকৰ সীমা ১০লৈ বৃদ্ধি কৰিছে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থী ২৭ জানুৱাৰীত চূড়ান্ত কৰা হ’ব। সেয়ে নিৰ্বাচন আয়োগে নিৰ্ধাৰিত মুকলি ঠাইত ৫০০ জনলৈকে বা খেলপথাৰৰ ক্ষমতাৰ ৫০ শতাংশ বা ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ দ্বাৰা নিৰ্ধাৰিত সীমাৰ ভিতৰত ২৮ জানুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈকে সভাৰ অনুমতি প্ৰদান কৰিছে।

দ্বিতীয় পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকল ৩১ জানুৱাৰীৰ ভিতৰত চূড়ান্ত কৰা হ’ব। সেয়েহে আয়োগে ১২ ফেব্ৰুৱাৰীলৈকে শিথিলতাৰ অনুমতি দিছে। উল্লেখ্য যে, নিৰ্বাচন আয়োগে প্ৰথমে ১৫ জানুৱাৰীলৈকে নিৰ্বাচনী ৰেলী আৰু ৰোড শ্ব’ নিষিদ্ধ কৰিছিল। পিছত পুনৰ ২২ জানুৱাৰীলৈ এই নিয়ন্ত্ৰণ বৃদ্ধি কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...