১৪৪ ধাৰা জাৰি, সকলোধৰণৰ সভা-সমদল আয়োজনত নিষেধাজ্ঞা

গণৰাজ্য দিৱসৰ পূৰ্বে আইন-শৃংখলা পৰিস্থিতিক লৈ কঠোৰ প্ৰশাসন৷ বৰপেটা জিলাত ১৪৪ ধাৰা জাৰি কৰা হৈছে৷ বৰপেটাৰ জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে এক নিৰ্দেশনাযোগে জিলাখনত জাৰি কৰিছে ১৪৪ ধাৰা৷ জিলাখনত আজিৰেপৰা সকলোধৰণৰ সভা, সমদলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ ৫ বা ৫ জনৰ অধিক ব্যক্তি একেলগ হোৱা বা সমাবেশত নিষেধাজ্ঞা জাৰি কৰিছে জিলা প্ৰশাসনে৷ আনহাতে, জিলাখনৰ ভিতৰত সকলোধৰণৰ আন্দোলনৰ কাৰ্যসূচীতো নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ ইয়াৰ লগতে দা, লাঠি বা আন যিকোনো আগ্নেয়াস্ত্ৰ লৈ ফুৰা আৰু সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি হ’ব পৰা সকলো কাৰ্য-কলাপ বন্ধৰো নিৰ্দেশ জিলা উপায়ুক্ত তেজপ্ৰসাদ ভূচালৰ৷ আজিৰেপৰা অনিৰ্দিষ্টকালীনভাৱে জাৰি কৰা হৈছে এই নিৰ্দেশনা

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...