মৃত্যুৰ পূৰ্বে লিখি থৈ নগ’লেও দেউতাকৰ সম্পত্তিৰ অধিকাৰী হ’ব কন্যা

কন্যা বা জীয়েকসকলে দেউতাকৰ উপাৰ্জনৰ উত্সৰ উত্তৰাধিকাৰী আৰু দেউতাকৰ সম্পত্তি লাভ কৰিব। উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। উচ্চতম ন্যায়ালয়ে হিন্দু উত্তৰাধিকাৰী আইনৰ অধীনত হিন্দু মহিলা আৰু বিধৱাসকলৰ সম্পত্তিৰ অধিকাৰ সম্পৰ্কীয় মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে দাখিল কৰা এক আবেদনৰ ওপৰত এই নিৰ্দেশনা জাৰি কৰে। বৃহস্পতিবাৰে নিজৰ ৰায়ত উচ্চতম ন্যায়ালয়ে কয় যে ইচ্ছাপত্ৰ অবিহনে মৃত্যু হোৱা এজন হিন্দু ব্যক্তিৰ কন্যাসকল পিতৃৰ স্ব-উপাৰ্জিত আৰু অন্যান্য সম্পত্তিৰ সমানে অধিকাৰী হ’ব আৰু পৰিয়ালৰ আন সদস্যৰ ভিতৰত কন্যাক প্ৰাধান্য দিব লাগিব। মাদ্ৰাজ উচ্চ ন্যায়ালয়ে পূৰ্বে ৰায়দান কৰা এক ৰায়ৰ বিপৰীতে উচ্চতম ন্যায়ালয়ে এই ৰায়দান কৰে। ন্যায়াধীশ এছ আব্দুল নাজিৰ আৰু ন্যায়াধীশ কৃষ্ণ মুৰাৰীৰ বিচাৰপীঠে কয় যে ইচ্ছা অবিহনে মৃত্যু হোৱা এজন হিন্দু ব্যক্তিৰ মৃত্যুৰ পিছত সম্পত্তি, সেয়া লাগিলে স্ব-অধিগ্ৰহণ কৰা সম্পত্তি হওঁক বা পাৰিবাৰিক সম্পত্তিৰ বিভাজনত হওঁক, উত্তৰাধিকাৰীসকলৰ মাজত বিতৰণ কৰা হ’ব। বিচাৰপীঠে লগতে কয় যে জীয়েকে আন আত্মীয়সকল যেনে মৃত পিতৃৰ ভাতৃসকলৰ পুত্ৰ বা কন্যাৰ সৈতে সম্পত্তিৰ উত্তৰাধিকাৰী হোৱাৰ অধিকাৰ পাব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...