পিঠিৰ বিষৰ পৰা কেনেকৈ উপশম পাব?

অতিমাৰীৰ হেতুকে সকলোৱে বৰ্তমান ডিজিটেল মাধ্যমৰ ওপৰত নিৰ্ভৰশীল। পঢ়াশুনাৰ পৰা বজাৰ সমাৰলৈকে সকলো ক্ষেত্ৰতে আপুনি ব্যৱহাৰ কৰিবলগা হয় মোবাইল অথবা কম্পিউটাৰৰ পৰ্দা। ফলত কমি আহিছে মানুহৰ কায়িক শ্ৰম। তদুপৰি বহুতেই সময়ৰ নাটনিৰ বাবে শৰীৰ চৰ্চা কৰাৰ পৰাও বিৰত থকা হৈছে। ইয়াৰ ফলত বৃদ্ধি পাইছে পিঠিৰ বিষৰ সমস্যা। প্ৰায় সকলো বয়সৰ লোকৰ মাজতেই এই সমস্যাই বৰ্তমান সময়ত ব্যাপক মাত্ৰাত বৃদ্ধি হোৱা দেকা গৈছে। ৯০ শতাংশ মানুহৰে পিঠিৰ বিষৰ মূল কাৰণ- একে ঠাইতে বহি থকা। গতিকে এই সমস্যাৰ পৰা তাত্ক্ষণিক পৰিত্ৰাণৰ বাবে আছে কিছু ফলপ্ৰসূ উপায়। প্ৰথমেই যদি আপোনাৰ পিঠিৰ বিষ হৈছে তেন্তে শোৱাৰ সময়ত গাৰুৰ ব্যৱহাৰ কমাবলৈ চেষ্টা কৰক। নিয়মিত শৱাসন, ভূজঙ্গাসন, মকৰাসনৰ দৰে যোগাভ্যাস কৰিলেও এই সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি। অফিচত একে ঠাইতে বহুসময় ধৰি বহি নাথাকিব। তাৰোপৰি খোজকাঢ়িব পাৰে, নিয়মীয়াকৈ খোজকঢ়াটো ভাল অভ্যাস। পৰাপক্ষত মাজে সময়ে চাইকেল আৰোহণৰ আনন্দ লওক। দৈনিক পুৱা সূৰ্যৰ ৰশ্মি গাত ললেও পৰ্যাপ্ত ভিটামিনে এনে সমস্য়াৰ পৰা দূৰৈত ৰখাত বহুপৰিমাণে সহায় কৰে। ঠাণ্ডাৰ দিনত জুইৰ উত্তাপেও কাৰ্যক্ষম কৰি ৰাখে আপোনাৰ পিঠিৰ হাড় তথা মাংসপেশীসমূহ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...