২০২৩ত আৰু টেনিছ কোৰ্টত দেখা নাপাব ছানিয়া মিৰ্জাক!

এইবাৰ লৈ আহিছোঁ টেনিছ জগতৰ খবৰ। ভাৰতৰ আটাইতকৈ স ফল মহিলা টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাই নিজৰ অৱসৰ সম্পৰ্কত কিছু গুৰুত্বপূৰ্ণ কথা ঘোষণা কৰিছে।

চলিত অষ্ট্ৰেলিয়ান অপেনত মহিলাৰ ডাবলছত প্ৰথম ৰাউণ্ডত পৰাজিত হোৱাৰ পিছত ছানিয়াই ঘোষণা কৰে যে, ২০২২ বৰ্ষটো তেওঁৰ টেনিছ কেৰিয়াৰৰ অন্তিমটো ছিজন হ’ব।

মহিলাৰ ডাবলছত বিশ্বৰ নম্বৰ ৱান আৰু মহিলা ছিংগলছত তেওঁৰ কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ ৰেংকিং আছিল ২৭। ৩৫ বছৰীয়া খেলুৱৈগৰাকী বৰ্তমানেও বিশ্বৰ ৬৮ সংখ্যক স্থানত আছে।

ছানিয়া মিৰ্জা হৈছে গ্ৰেণ্ড শ্লেম জয় কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা আৰু মিৰ্জাই এছিয়ান গেমছ, কমনৱেলথ গেমছত পদক জয় লাভ কৰিবলৈ সক্ষম হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...