২০২৩ত আৰু টেনিছ কোৰ্টত দেখা নাপাব ছানিয়া মিৰ্জাক!

এইবাৰ লৈ আহিছোঁ টেনিছ জগতৰ খবৰ। ভাৰতৰ আটাইতকৈ স ফল মহিলা টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাই নিজৰ অৱসৰ সম্পৰ্কত কিছু গুৰুত্বপূৰ্ণ কথা ঘোষণা কৰিছে।

চলিত অষ্ট্ৰেলিয়ান অপেনত মহিলাৰ ডাবলছত প্ৰথম ৰাউণ্ডত পৰাজিত হোৱাৰ পিছত ছানিয়াই ঘোষণা কৰে যে, ২০২২ বৰ্ষটো তেওঁৰ টেনিছ কেৰিয়াৰৰ অন্তিমটো ছিজন হ’ব।

মহিলাৰ ডাবলছত বিশ্বৰ নম্বৰ ৱান আৰু মহিলা ছিংগলছত তেওঁৰ কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ ৰেংকিং আছিল ২৭। ৩৫ বছৰীয়া খেলুৱৈগৰাকী বৰ্তমানেও বিশ্বৰ ৬৮ সংখ্যক স্থানত আছে।

ছানিয়া মিৰ্জা হৈছে গ্ৰেণ্ড শ্লেম জয় কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা আৰু মিৰ্জাই এছিয়ান গেমছ, কমনৱেলথ গেমছত পদক জয় লাভ কৰিবলৈ সক্ষম হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...