নিয়ন্ত্ৰণহীন এল্ট’ বাহনে খুন্দিয়ালে কেইবাজনো লোকক, তীব্ৰ উত্তেজনা

বৰপেটা চহৰত পথ দুৰ্ঘটনা৷ বৰপেটা চহৰৰ মুছলিমপট্টিত সংঘটিত হয় পথ দুৰ্ঘটনা৷ AS 15 J 4852 নম্বৰৰ এখন অল্টো বাহনে বৰপেটা চহৰৰ মুছলিমপট্টিত কেইবাজনো লোকক খুন্দিয়ায়৷ ফলত গুৰুতৰভাবে আহত হয় এগৰাকী যুৱতী। লগতে আহত হয় আন কেইবাজনো লোক। গুৰুতৰভাৱে চেলিমা ইয়াছমিনক সংকটজনক অৱস্থাত বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ হস্পিতালত ভৰ্তি কৰোৱা হৈছে। হাউলীৰ ইটাৰভিঠাৰ আবু বক্কৰ ছিদ্দিকত ঘৰ আহত যুৱতীগৰাকীৰ। অল্ট গাড়ীখনৰ চালক বৰপেটাৰ আমবাৰী হাটীৰ গৌতম দাস বুলি জানিব পৰা গৈছে৷ আনহাতে, দুৰ্ঘটনাৰ পিছতে মুছলিমপট্টিত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্ট হয়। আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি থানালৈ লৈ যায় গাড়ী চালকজনক৷

NKTV Digital
Author: NKTV Digital

240 COMMENTS

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...