পেণ্ডিং ফাইলক লৈ চিন্তিত নেকি? মুখ্যমন্ত্ৰীয়ে দিছে আশাৰ বতৰা

১০ মে’ৰ ভিতৰত সকলো পুৰণি ফাইল (অৰ্থাৎ মে’ ২০২১-ৰ আগৰ) নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত নিষ্পত্তি কৰি নাগৰিকসকলক সকাহ প্ৰদান কৰিব ৰাজ্য চৰকাৰে। এই প্ৰচেষ্টা নাগৰিকসকলৰ সচিবালয়লৈ অহা-যোৱা হ্ৰাস কৰাৰ ক্ষেত্ৰতো সহায়ক হিচাপে বিবেচিত হ’ব।

অসম চৰকাৰে ১ ফেব্ৰুৱাৰীৰ পৰা ‘সদ্ভাৱনা প্ৰকল্প’ কাৰ্যকৰী কৰিব। এই সন্দৰ্ভত কালি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত জনতা ভৱনৰ বিষয়া-কৰ্মচাৰীসকলৰ সৈতে এক মত-বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

১০ মে’ত সদ্ভাৱনা প্ৰকল্পৰ সফল সামৰণিৰ পাছত অসম চৰকাৰে ই-অফিচ প্ৰণালী ৰূপায়ণ আৰম্ভ কৰিব। ১০ মে’, ২০২৩-ৰ ভিতৰত ‘জনতা ভৱন‘ত ই-অফিচ প্ৰণালী সম্পূৰ্ণৰূপে ৰূপায়ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ কথাও মুখ্যমন্ত্ৰীয়ে সদৰী কৰে। সমূহ বিষয়া-কৰ্মচাৰীক এই পৰিৱৰ্তনৰ অংশ হ’বলৈ আৰু জনসাধাৰণৰ সেৱাত সমৰ্পিত হ’বলৈ তেখেতে বিনম্ৰভাৱে আহ্বান জনায়। এই অনুষ্ঠানত মুখ্য সচিব জিষ্ণু বৰুৱা আৰু অন্যান্য জ্যেষ্ঠ বিষয়াবৰ্গও উপস্থিত আছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...