অচিৰেই ৰাজ্যত কৃষি আয়োগ; ঘোষণা মুখ্যমন্ত্ৰীৰ

এগ্ৰ’ফৰেষ্টি এণ্ড বায় ‘ডাইভাৰচিটি মহাবিদ্যালয়, বেংগল ফ্লৰিকান কনজাৰভেশ্যন, ৰিছাৰ্চ এণ্ড ইক ট্যুৰিজিম চাইটৰ আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰীয়ে

১০৭টা অংগনৱাড়ী কেন্দ্ৰ শুভ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে

বাণিজ্যিকভাৱে কৃষি উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে কৃষি আয়োগ ঘোষণা কৰিব : মুখ্যমন্ত্ৰী

“ৰাজ্যৰ কৃষকসকলে যাতে বাণিজ্যিকভাৱে কৃষি উৎপাদন কৰিব পাৰে তাৰ বাবে অসম চৰকাৰে এক কৃষি আয়োগ ঘোষণা কৰিব। কৃষি গৱেষকক সামৰি লৈ গঠন কৰিবলগীয়া এই আয়োগে সমগ্ৰ ৰাজ্যখনৰে কৃষকসকলক উপকৃত কৰিব পৰাকৈ বাণিজ্যিকভাৱে কৃষি উৎপাদন বৃদ্ধিৰ দিশত যথোপযুক্ত পৰামৰ্শ আগবঢ়াব।” আজি বাক্সা জিলাৰ ককলাবাৰীৰ নৱ দিহিৰাত এগ্ৰ’ ফৰেষ্টি এণ্ড বায়’ডাইভাৰচিটি মহাবিদ্যালয় আৰু বেংগল ফ্লৰিকান কনজাৰভেশ্যন, ৰিছাৰ্চ এণ্ড ইকট্যুৰিজিম চাইটৰ আধাৰশিলা স্থাপন কৰি এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়। উল্লেখ্য যে আজি এই অনুষ্ঠানতে ২০২১-২২ বিত্তীয় বৰ্ষৰ এম জি এনৰেগা পুঁজিৰে নিৰ্মাণ কৰা ১০৭ টা অংগনৱাড়ী কেন্দ্ৰৰো মুখ্যমন্ত্ৰীয়ে শুভ উদ্বোধন কৰে।

মুখ্যমন্ত্রীয়ে কয় যে ককলাবাৰী কৃষি পামৰ এক ঐতিহাসিক পটভূমি আছে। প্রায় ৬ হাজার বিঘা কৃষিভূমি সামৰি লোৱা এই কৃষিপামৰ উন্নয়ন সাধনৰ বাবে বিটিআৰ প্ৰশাসনে পদক্ষেপ গ্ৰহণ কৰিছে। বৰ্তমানৰ ৰাজ্য চৰকাৰে বিটিআৰকে ধৰি ৰাজ্যখনৰ উন্নয়নক এক নতুন দিগন্তলৈ নিয়াৰ পদক্ষেপেৰে ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যৰ জনমূৰি আয় বৃদ্ধিৰ লগতে ৰাজ্যত থকা সম্পদ আৰু সম্ভাৱনাক বিকশাই তোলাৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজ্যখনৰ উপযুক্ত জলবায়ু থকা সত্ত্বেও কৃষি উৎপাদন বৃদ্ধি পাব লাগিছিল যদিও সেয়া সম্ভৱ হোৱা নাই। এতিয়াও প্ৰচুৰ পৰিমাণে খাদ্য সামগ্রী অসমে আমদানি কৰিবলগীয়া হৈছে। জাতিটোৰ মেৰুদণ্ড পোন কৰাৰ সময় আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে আৱেগিকভাৱে এটা জাতিক আগুৱাই নিব নোৱাৰি। আজি মাঘ বিহুৰ উৰকাৰ দিনাও আমি বাহিৰৰ খাদ্য সামগ্রী ক্ৰয় কৰিবলগীয়া হৈছে। তেওঁ কয় যে, স্বাৱলম্বিতাৰ প্রথম খোজ হৈছে আধুনিক কৃষিৰ প্ৰতি আমি আকৃষ্ট হ’ব লাগিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...