মাস্ক পৰিধান নকৰাকৈ মাজুলীত প্ৰৱেশ কৰিব নোৱাৰিব কোনো লোক!

মাস্ক পৰিধান নকৰাকৈ মাজুলীত প্ৰৱেশ কৰিব নোৱাৰিব কোনো লোক। ফেৰী ঘাটত সকলো যাত্ৰীৰে ক’ভিড পৰীক্ষাৰ ব্যৱস্থাও কৰা হৈছে। এই কথা প্ৰকাশ কৰি মাজুলীৰ উপায়ুক্ত পুলক মহন্তই কৰ’নাৰ সংক্ৰমণ ৰোধৰ উদ্দেশ্যে মাজুলীত এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে।

ক’ভিডৰ পৰা সুৰক্ষিত কৰি ৰাখিবলৈ ইতিমধ্যে মাজুলীৰ সকলো প্ৰাপ্তবয়স্ক লোকক ভেকচিন প্ৰদান কৰা হৈছে। ১৫ৰ পৰা ১৮ বছৰৰ কিশোৰ-কিশোৰীৰো ভেকচিন প্ৰদান প্ৰক্ৰিয়া ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে।

কৰ’নাৰ সংক্ৰমণ ৰোধৰ উদ্দেশ্যে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰাৰ লগতে আজিৰে পৰা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে মাস্ক পৰিধান সম্পৰ্কত মাজুলীত বিশেষ সজাগতা সৃষ্টিৰ পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখ্য যে এমাহৰ মূৰত মাজুলীত দুজন লোক ক’ভিডত আক্ৰান্ত হৈছে আৰু তেওঁলোকৰ জেনম চিকুৱেঞ্চ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...