এক যুগৰ অৱসান, হলীউডৰ প্ৰথম কৃষ্ণাংগ তাৰকা অভিনেতা চিডনী পইটিয়াৰৰ দেহাৱসান

হলীউডৰ প্ৰথম কৃষ্ণাংগ তাৰকা অভিনেতা চিডনী পইটিয়াৰৰ মৃত্যু। শুকুৰবাৰে ৯৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট অভিনেতাজনে। অস্কাৰ বঁটা বিজয়ী চিডনী পইটিয়াৰ হৈছে প্ৰথমগৰাকী কৃষ্ণাংগ অভিনেতা। ১৯৬৩ চনতে লিলিজ অৱ দ্য ফিল্ড ছবিৰ বাবে অস্কাৰ বঁটা লাভ কৰা অভিনেতাজনে ১৯৯৮ চনত প্ৰথমবাৰ অস্কাৰৰ বাবে মনোনয়ন লাভ কৰিছিল। দ্য ডিফায়েণ্ট ওৱানচ নামৰ ছবিৰ বাবে অস্কাৰলৈ মনোনীত হৈছিল অভিনেতাজন। প্ৰথমবাৰ মনোনয়ন লাভ কৰাৰ ৫ বছৰ পিছতহে তেওঁ এই সন্মানীয় বঁটা লাভ কৰিবলৈ সক্ষম হয়। চিডনী পইটিয়াৰৰ প্ৰথমখন ছবি আছিল ১৯৫৫ চনত নিৰ্মিত ব্লেকব’ৰ্ড জংঘল। ছবিখনত তেওঁ এজন ছাত্ৰৰ ভূমিকাত অভিনয় কৰিছিল। পৰৱৰ্তী সময়ত হলীউডৰ কেইবাখনো জনপ্ৰিয় ছবিত অভিনয় কৰি বিশ্বজোৰা খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল চিডনি পইটিয়াৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...