ক্লাছ এইটৰ ছাত্ৰী, আজি বিশ্বৰ সবাতোকৈ ধুনীয়া হাতৰ আখৰৰ অধিকাৰী

অষ্টম শ্ৰেণীৰ ছাত্ৰী প্ৰকৃতি মাল্লাই ২০২০ বৰ্ষত সকলোৰে দৃষ্টি কাঢ়িছিল। প্ৰথমে জন্মস্থান নেপালত ব্যাপক চৰ্চা হৈছিল, লগে লগে নেপাল চৰকাৰে ছাত্ৰীগৰাকীক বঁটা প্ৰদান কৰিছিল। ইয়াৰ পিছতে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত বিশ্বজুৰি ভাইৰেল হৈ পৰিছে ছাত্ৰীগৰাকীৰ হস্তাক্ষৰ।


ফেচবুক আৰু টুইটাৰ ব্যৱহাৰকাৰীসকলৰ দ্বাৰা ভাইৰেল হোৱা মাল্লাই লিখা এটা পৃষ্ঠাত উল্লেখ আছিল যে “শিশু আৰু প্ৰাপ্তবয়স্ক দুয়োৰে বাবে হস্তাক্ষৰ এক অত্যাৱশ্যকীয় দক্ষতা। আনকি প্ৰযুক্তিৰ যুগতো, শ্ৰেণীকোঠাৰ শিক্ষাৰ্থীসকলৰ বাবে জ্ঞানৰ যোগাযোগ আৰু মূল্যাংকন কৰাৰ প্ৰাথমিক সঁজুলি। শেহতীয়া এক অধ্যয়নত এইটো মন কৰিছো যে কিণ্ডাৰগাৰ্টেনৰ শিশুসকলে বিদ্যালয়ত এতিয়াও তেওঁলোকৰ ৪২ শতাংশ সময় কাগজ আৰু পেঞ্চিলৰ কামত অতিবাহিত কৰিছে।”


ছাত্ৰীগৰাকীৰ কথাখিনি লাখ লাখ নেটিজেনে ভাগ বতৰা কৰাৰ পিছত একাংশই পৰামৰ্শ দিছে যে মাইক্ৰছফটে নিজৰ সামগ্ৰীৰ ওপৰত মাল্লাৰ হস্তাক্ষৰক এক অফিচিয়েল ফণ্ট হিচাপে গ্ৰহণ কৰিব লাগে। বিভিন্নজনক অতীতৰ কথা মনত পেলাই দিলে। এজনে টুইট কৰি লিখিছে- “মোক মোৰ দেউতাৰ লিখনিৰ কথা মনত পেলাই দিলে। তেওঁ ১৩ বছৰ বয়সত স্কুল সাং কৰিছিল, এতিয়া ১০১ বছৰে হ’ব।”
মহামানৱ মহাত্মা গান্ধীয়েও কৈছিল-গুড হেণ্ড ৰাইটিং ইজ এ নেচেচাৰী পাৰ্ট অৱ এডুকেচন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তালিবানৰ হাতত ভাৰতীয় INSAS 1B1 ৰাইফল? সামাজিক মাধ্যমত চৰ্চা অব্যাহত

আফগানিস্তানত তালিবানৰ হাতত ভাৰতত নিৰ্মিত INSAS 1B1 assault rifle...

এছিয়ান গেমছ ২০২৬ৰ সফল অভিযান সামৰিলে ভাৰতে। জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ ‘ছুপাৰগাৰ্ল’সকল

গৌৰৱ, সাহস আৰু সাফল্যৰে এছিয়ান গেমছ ২০২৬ৰ অভিযান সামৰিলে...

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...