IIT গুৱাহাটীত ক’ভিডৰ ভয়াৱহ ৰূপ, অৰ্ধশতাধিক ছাত্ৰ, অধ্যাপকৰ দেহত মাৰাত্মক ক’ভিড

নৱবৰ্ষৰ আৰম্ভণিতে পুনৰ দ্ৰুতগতিত বাঢ়িছে সংক্ৰমণ। এইবাৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীত কোভিডৰ সংক্ৰমণ। IITৰ অৰ্ধশতাধিক শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে ক’ভিড পজিটিভ। আক্ৰান্তসকলৰ অধিকাংশই ৰাজ্যৰ বাহিৰৰ বিভিন্ন পৰা অহা শিক্ষাৰ্থী। চলিত সপ্তাহত হঠাৎ বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ। কেইবাজনো বিষয়া, কৰ্মচাৰী আৰু অধ্যাপকৰ দেহতো পোৱা গৈছে ক’ভিডৰ উপস্থিতি। আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠানখনৰ পৰা বাহিৰলৈ অহা–যোৱা বন্ধ কৰা হৈছে শিক্ষাৰ্থীৰ। ইতিমধ্যে ক’ভিড পজিটিভ ৰোগীৰ চিকিত্সাৰ বাবে নিৰ্মাণ কৰা হৈছে কোৱাৰেণ্টাইন চেণ্টাৰ আৰু আছুতীয়া কক্ষ। উল্লেখ্য যে, কেৱল IITতে নহয়, অসমৰো বিভিন্ন শিক্ষানুষ্ঠানতো বৃদ্ধি পাইছে কভিড। IITৰ পূৰ্বে গুৱাহাটী বিশ্ববিদ্যালয়, বি বৰুৱা, তেজপুৰ, নলবাৰী, লামডিং, নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজ আৰু শিলচৰৰ শিক্ষানুষ্ঠানত পোৱা গৈছিল কভিড সংক্ৰমণ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মণিপুৰৰ কামজঙত পুনৰ হিংসাত্মক ঘটনা; গুলীত প্ৰাণ গ’ল ৫ সন্তানৰ মাতৃৰ, জ্বলাই দিলে কেইবাটাও ঘৰ

মণিপুৰৰ সংঘাতজৰ্জৰিত পৰিস্থিতিৰ মাজতে কামজং জিলাত পুনৰ হিংসাত্মক ঘটনা।...

ৰাষ্ট্ৰসংঘত পাকিস্তানক কঠোৰ সমালোচনা ভাৰতৰ; জম্মু-কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য অংগ বুলি পুনৰ স্পষ্ট ঘোষণা ভাৰতৰ

জম্মু-কাশ্মীৰক লৈ ৰাষ্ট্ৰসংঘত পাকিস্তানক তীব্ৰ সমালোচনা কৰিছে ভাৰতে। জম্মু-কাশ্মীৰ...

দিল্লী আৰক্ষীৰ হাতত আটক মমতা বেনাৰ্জী, প্ৰিজন ভেনত বহি গালে ‘জাগো দুৰ্গা’

দিল্লীত আটক কৰা হ’ল পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা...