১০২.৫০ টকাকৈ হ্ৰাস পালে চিলিণ্ডাৰৰ দাম, বাণিজ্যিক চিলিণ্ডাৰৰ গ্ৰাহকলৈ সুখবৰ

নতুন বছৰত গ্ৰাহকসকলৰ বাবে ভাল খবৰ। ইণ্ডিয়ান অইল কৰ্পোৰেচন চমুকৈ আইঅ’চিয়ে হ্ৰাস কৰিছে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। প্ৰতিটো চিলিণ্ডাৰত ১০২.৫০ টকাকৈ হ্ৰাস কৰিছে। আজিৰে পৰা কাৰ্যকৰা হৈছে নতুন নিৰিখ। উল্লেখ্য যে, যোৱা বছৰৰ ১ ডিচেম্বৰত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰিছিল। ১৯ কেজি ওজনৰ বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ১০৩.৫০ টকালৈকে বৃদ্ধি কৰিছিল।
নতুন নিৰিখ অনুসৰি যথেষ্ট সকাহ পাব। দিল্লীত ১৯ কিলোগ্ৰাম ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ১,৯৯৮.৫ টকা হ’ব। কলকাতাত ১০১ টকা হ্ৰাস হৈ ২,০৭৬ টকা আৰু চেন্নাইত ১০৩.৫০ টকা হ্ৰাস হৈ ২,১৩১ টকালৈ হ্ৰাস পাইছে চিলিণ্ডাৰৰ দৰ।


অৱশ্যে তেল বিপণন কোম্পানীবোৰে ৰাজসাহায্যবিহীন ১৪.২ কেজি চিলিণ্ডাৰৰ মূল্যৰ কোনো ধৰণে সলনি কৰা নাই। ৰাজধানী দিল্লীত ১৪.২ কিলোগ্ৰাম চিলিণ্ডাৰত ৮৯৯.৫ টকা, মুম্বাই, কলকাতা আৰু চেন্নাইত ক্ৰমান্বয়ে ৮৯৯.৫ টকা, ৯২৬ টকা আৰু ৯১৫.৫ টকাত উপলব্ধ হ’ব চিলিণ্ডাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...