বন বিভাগক দিব নালাগে ৰয়েল্টি, কাৰ কাৰ ক্ষেত্ৰত প্ৰযোজ্য এই নীতি?

চৰকাৰী নিৰ্মাণকাৰ্যত বনজ তথা খনিজাত সম্পদ ব্যৱহাৰৰ বাবদ বন বিভাগক পোনপটীয়াকৈ কোনোধৰণৰ ৰয়েল্টি পৰিশোধ কৰিব নালাগে৷ এই ক্ষেত্ৰত আদায় দিবলগীয়া ৰয়েল্টি নিৰ্ধাৰিত শতাংশ হিচাপত নিৰ্মাণকাৰ্যত জড়িত ঠিকাদাৰৰ বিল পৰিশোধৰ সময়ত কাটি ৰখা হ’ব৷ আনহাতে, চহৰাঞ্চলৰ ক্ষেত্ৰতো চলিত বছৰৰ পৰা নতুন নিয়ম কাৰ্যকৰী কৰিছে। ব্যক্তিগত খণ্ডত গৃহ নিৰ্মাণৰ ক্ষেত্ৰত পৰিশোধ কৰিবলগীয়া এনে ৰয়েল্টি সম পৰিমাণৰ ৪টা কিস্তিত চৰকাৰী কোষাগাৰত জমা দিব লাগিব৷ এতিয়াৰে পৰা ৰয়েল্টি চৰকাৰী কোষাগাৰত ৪টা কিস্তিত জমা দিব পাৰিব ব্যক্তিগত খণ্ডত গৃহ নিৰ্মাণৰ বাবে। ইতিপূৰ্বে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল ৰাজ্যিক কেবিনেটত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...