৫৬ বছৰ বয়সত ভৰি দিলে ছল্লু ভাইয়ে। চলমান খানৰ বিষয়ে নজনা ১০টা কথা।

চলমান খানে নিজৰ ৫৬সংখ্যক জন্মদিন উদযাপন কৰিছে। পুৱাৰে পৰা অনুৰাগীয়ে চলমান খানক শুভেচ্ছাৰে উপচাই পেলাইছে। বলীউডৰ সকলোৰে ভাই চলমান খানে নিজৰ গুণগত মান, কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ ভিত্তিত বলীউড জগতত সুকীয়া স্থান লাভ কৰিছে। নিজৰ বিতৰ্কিত কাম-কাজ আৰু অনন্য অভিনয় শৈলী তথা মানৱদৰদী কামৰ বাবে প্ৰায়ে চৰ্চাত থাকে চলমান খান। আহক জানো চলমান খানৰ সততে চৰ্চিত নোহোৱা ১০টা কথা।

কেৰিয়াৰৰ আৰম্ভণিতে অডিচনৰ সময়ত কেতিয়াও দেউতাক চেলিম খানৰ নাম ব্যৱহাৰ কৰা নাছিল। তাৰকাৰ পুত্ৰ বাবে নহয়, নিজৰ পৰিচয়েৰে উদ্বুদ্ধ হ’ব খুজিছিল চলমান খান।

চলমান ভাইয়ে প্ৰতিষ্ঠিত লেখক হ’ব বিচাৰিছিল। বীৰ আৰু চন্দ্ৰমুখীৰ দৰে চলচ্চিত্ৰৰ কাহিনী অথবা চিত্ৰনাট্য লিখিছে চলমান খানে।

চলমান খানৰ প্ৰথম ছবি মেইনে প্যাৰ কিয়া নহয়। বহু অনুৰাগীয়ে এই কথা নাজানে। ১৯৮৮ চনত বিৱি হো তো এইচিত সহায়কৰ ভূমিকাত আছিল।

বিং হিউমেন হৈছে চলমান খানৰ নিজৰ ব্ৰেণ্ড। চলমান খান আৰু এই ব্ৰেণ্ড যেন এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি।

মেইনে প্যাৰ কিয়াৰ পিছত তেওঁ ছমাহৰ বাবে নিবনুৱা আছিল। নিজৰ চিনেমা ৰিলিজ হোৱাৰ পাছতো কামৰ সন্ধান কৰিব লগা হৈছিল ছলমান খানে।

আপুনি জানেনে চলমানৰ প্ৰিয় অভিনেতা আৰু অভিনেত্ৰী কোন? হেমা মালিনী আৰু চিলভেষ্টাৰ ষ্টেলোন হৈছে চলমানৰ প্ৰিয় তাৰকা।

চলমান খান এজন পেছাদাৰী সাঁতোৰবিদ হ’ব পাৰিলেহেঁতেন। অভিনয় কেৰিয়াৰৰ সমানে সমানে সাঁতোৰতো চখ আছে চলমান খানৰ।

চলমান খানৰ দেহৰ জোখ জানেনে? চলমানৰ বুকু ৪২ ইঞ্চি, কঁকাল ৩০ ইঞ্চি আৰু বাইচেপ ১৭ ইঞ্চি।

চলমান খানে এক জটিল মানসিক স্বাস্থ্য অৱস্থাৰ সৈতে মোকাবিলা কৰিব লগা হয়, যাক কোৱা হয় ট্ৰিগেমিনেল নিউৰালগিয়া। স্নায়ু আৰু আত্মহত্যাজনিত প্ৰৱণতাৰ সৈতে জড়িত এই স্বাস্থ্য অৱস্থা।

চলমানে চীনা খাদ্য ভাল পায় আৰু চলমানৰ প্ৰিয় চীনা স্থান হৈছে মুম্বাইৰ চাইন গাৰ্ডেন।

ভাইজান এজন অত্যন্ত চাবোন প্ৰেমী। নিজৰ বাথৰুমত চাবোনৰ স্তূপ আছে চলমানৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...