শ্বেহনাজ গীলৰ পিতৃয়ে যোগ দিলে বিজেপিত

বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টীত যোগ দিলে সন্তোষ সিং সুখে। সন্তোষ টেলিভিছনৰ জনপ্ৰিয় অভিনেত্ৰী তথা বিগ বছ ১৩ৰ প্ৰতিযোগী শ্বেহনাজ গীলৰ পিতৃ। আগন্তুক পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰতিটো ৰাজনৈতিক দলে নিজৰ নিজৰ ৰণনীতি প্ৰস্তুত কৰি আছে। বিভিন্ন ৰাজনৈতিক দলে চল-চাতুৰীৰে অথবা সামাজিক মাধ্যমৰ যোগেদি আৰম্ভ কৰিছে প্ৰচাৰ অভিযান। তেনে সময়তে সাংস্কৃতিক জগতৰ জনপ্ৰিয় নাম শ্বেহনাজৰ পিতৃ আহিছে সংবাদ শীৰ্ষলৈ। শ্বেহনাজ আৰু বিগ বছ ১৩ৰ প্ৰতিযোগী সিদ্ধাৰ্থ শুক্লাৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল বুলি কোৱা হয়। হঠাতে সকলোকে আচম্বিত কৰি অকাল বিয়োগ ঘটিছিল চৰ্চিত প্ৰেমিক সিদ্ধাৰ্থ শুক্লাৰ। সিদ্ধাৰ্থৰ মৃত্যুৰ পিছত আকৌ এবাৰ চৰ্চিত হৈছিল পঞ্জাৱ মূলৰ এইগৰাকী অভিনেত্ৰীৰ নাম। এইবাৰ পিতৃয়ে গেৰুৱা বসন পৰিধান কৰাৰ পিছতে পুনৰবাৰ চৰ্চাৰ বিষয় হৈ পৰিছে শ্বেহনাজ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ছেমিকণ্ডাক্টৰে উদঙাইছে অসমৰ প্ৰতি কংগ্ৰেছৰ দৃষ্টিভংগী

‘অসমক মাহীআইৰ দৃষ্টিৰে চাই কংগ্ৰেছে’ছেমিকণ্ডাক্টৰে উদঙাইছে অসমৰ প্ৰতি কংগ্ৰেছৰ...

গুৱাহাটীৰ বৰমটৰীয়াত লোমহৰ্ষক ঘটনা

বিভিন্ন প্ৰতিযোগিতাত বঁটা-বাহনেৰে সন্মানিত এগৰাকী খেলুৱৈ। সেই খেলুৱৈগৰাকীয়ে ঘটাই...

জেৰাত মুখ খুলিছে দুলালে

দুলাল বাৰক মাৰাথন জেৰা চলাইছে আৰক্ষীয়ে। কিন্তু জেৰাত কোনো...

ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুক সাক্ষাৎ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰাধ্যাপক জীতেন হাজৰিকাৰ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰাধ্যাপক জীতেন হাজৰিকাই দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী...