শ্বেহনাজ গীলৰ পিতৃয়ে যোগ দিলে বিজেপিত

বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টীত যোগ দিলে সন্তোষ সিং সুখে। সন্তোষ টেলিভিছনৰ জনপ্ৰিয় অভিনেত্ৰী তথা বিগ বছ ১৩ৰ প্ৰতিযোগী শ্বেহনাজ গীলৰ পিতৃ। আগন্তুক পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰতিটো ৰাজনৈতিক দলে নিজৰ নিজৰ ৰণনীতি প্ৰস্তুত কৰি আছে। বিভিন্ন ৰাজনৈতিক দলে চল-চাতুৰীৰে অথবা সামাজিক মাধ্যমৰ যোগেদি আৰম্ভ কৰিছে প্ৰচাৰ অভিযান। তেনে সময়তে সাংস্কৃতিক জগতৰ জনপ্ৰিয় নাম শ্বেহনাজৰ পিতৃ আহিছে সংবাদ শীৰ্ষলৈ। শ্বেহনাজ আৰু বিগ বছ ১৩ৰ প্ৰতিযোগী সিদ্ধাৰ্থ শুক্লাৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল বুলি কোৱা হয়। হঠাতে সকলোকে আচম্বিত কৰি অকাল বিয়োগ ঘটিছিল চৰ্চিত প্ৰেমিক সিদ্ধাৰ্থ শুক্লাৰ। সিদ্ধাৰ্থৰ মৃত্যুৰ পিছত আকৌ এবাৰ চৰ্চিত হৈছিল পঞ্জাৱ মূলৰ এইগৰাকী অভিনেত্ৰীৰ নাম। এইবাৰ পিতৃয়ে গেৰুৱা বসন পৰিধান কৰাৰ পিছতে পুনৰবাৰ চৰ্চাৰ বিষয় হৈ পৰিছে শ্বেহনাজ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...