নিশা ১১ বজাৰ পৰা পুৱা ৫ বজালৈ নাইট কাৰ্ফিউ, কঠোৰ চৰকাৰ

২৫ ডিচেম্বৰৰ পৰা কভিডৰ বাবে নতুন নিয়ম বলৱৎ কৰিব চৰকাৰে। নিশা ১১ বজাৰ পৰা পুৱা ৫ বজালৈ বলৱৎ থাকিব নাইট কাৰ্ফিউ। বৰদিনৰ নিশা ১১ বজাৰ পৰা অনিৰ্দিষ্টকাললৈ নৈশ কাৰ্ফিউ বলৱৎ কৰিব চৰকাৰে। শেহতীয়া কভিড পৰিস্থিতিৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰৰ কঠোৰ সিদ্ধান্ত। বিবাহসমূহত ২০০তকৈ অধিক লোকক অনুমতি দিয়া নহ’ব। শনিবাৰৰ পৰা বিয়াৰ অনুষ্ঠানসমূহত সৰ্বাধিক ২০০জন লোকহে উপস্থিত থাকিব পাৰিব। অ’মিক্ৰনৰ বৰ্ধিত পৰিসংখ্যাৰ বাবে সতৰ্ক হৈছে যোগী আদিত্যনাথ চৰকাৰ। যাৰ পৰিপ্ৰেক্ষিতত শনিবাৰৰ পৰা নিশাৰ কাৰ্ফিউ জাৰি কৰাৰ সিদ্ধান্ত।


উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে দেশৰ কোভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰিছিল। অ’মিক্ৰনৰ প্ৰাদুৰ্ভাৱৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে সতৰ্ক আৰু সাৱধান হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। মহামাৰীৰ বিৰুদ্ধে যুঁজ এতিয়াও শেষ হোৱা নাই আৰু কোভিডৰ বিভিন্ন প্ৰকাৰ বা আচৰণ আৰু ভৱিষ্যতৰ কাৰ্যপন্থাৰ ওপৰত আলোকপাত কৰে মোদীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ACS বিষয়া দেৱেশ্বৰ বৰা অনিয়মৰ কাহিনী শুনিলে আপোনাৰে চকু কপালত উঠিব

প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ৰ এগৰাকী বিষয়াৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতি আৰু...

বিধানসভালৈ পুনৰ আহি আছে অগ্নিকন্যা; নন্দীগ্ৰামত চলিবনে মমতা বেনাৰ্জীৰ যাদু?

পুনৰ চৰ্চাত পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জী। ২০২৬...

স্মৃতিৰ এবছৰ, ন্যায়ৰ অপেক্ষাঃ প্ৰবাসী অসমীয়াৰ ভাষ্যই ন্যায় প্ৰাপ্তিত সহায় কৰিবনে ঈশ্বৰ পুত্ৰৰ!

হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানো...

পত্নীৰ পাছত কোন টাৰ্গেট এইবাৰ ৰামানুজৰ! আৰক্ষীৰ জেৰাত বিস্ফোৰক স্বীকাৰোক্তি ৰামানুজৰ

পত্নীৰ পাছত কোন টাৰ্গেট এইবাৰ ৰামানুজৰ? কাৰাগাৰৰ পৰা ওলাই...