দিবা-নৈশ প্ৰাইজমানী ভলীবল প্ৰতিযোগিতা, শ্ৰেষ্ঠ খেলুৱৈ মিজানুৰ ৰহমান

দিবা-নৈশ প্ৰাইজমানী ভলীবল প্ৰতিযোগিতা। বৰপেটাৰ কাছুমাৰাৰ ভাইটি ক্লাবৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত ভলীবল প্ৰতিযোগিতাখনৰ নিশা সফল সামৰণি পৰে। বৰপেটা আৰু কামৰূপ জিলাৰ মুঠ আঠটাকৈ ভলীবল দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনৰ নিশা চূড়ান্ত খেলখন মুকুতা ক্লাৱ ৰংগেশ্বৰী আৰু ভখুৰাদিয়া ভলীবল কচ্চিং চেণ্টাৰৰ মাজত অনুষ্ঠিত হয়। তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত মুকুতা ক্লাৱ ভলীবল দলক ২-১ ছেটৰ ব্যৱধানত পৰাস্ত কৰি প্ৰতিযোগিতাখনৰ চেম্পিয়ন হয় ভখুৰাদিয়া ভলীবল কচ্চিং চেণ্টাৰে। প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে মুকুতা ক্লাৱৰ মিজানুৰ ৰহমানে। উল্লেখ্য যে, অধিবক্তা তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক ৰফিকুল ইছলামে উপস্থিত থাকি দুয়োটা দলৰ মাজত বঁটা প্ৰদান কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৭৯৯ টকাতে আই পি এলৰ টিকট…

গুৱাহাটীত আসন্ন আই পি এলৰ তিনিখন হাইভল্টেজ মেচ খেলিব...

পদ্মশ্ৰী হেলি ৱাৰ আৰু সমাজকৰ্মী প্ৰসাদ অগ্নিহোত্ৰীক USTMত সমাজসেৱা উৎকৃষ্টতা বঁটা প্ৰদান

USTMৰ ছ'চিয়েল ৱৰ্ক বিভাগে বিশ্ব সমাজকৰ্ম দিৱস ২০২৬ উপলক্ষে...

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...