দিবা-নৈশ প্ৰাইজমানী ভলীবল প্ৰতিযোগিতা, শ্ৰেষ্ঠ খেলুৱৈ মিজানুৰ ৰহমান

দিবা-নৈশ প্ৰাইজমানী ভলীবল প্ৰতিযোগিতা। বৰপেটাৰ কাছুমাৰাৰ ভাইটি ক্লাবৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত ভলীবল প্ৰতিযোগিতাখনৰ নিশা সফল সামৰণি পৰে। বৰপেটা আৰু কামৰূপ জিলাৰ মুঠ আঠটাকৈ ভলীবল দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনৰ নিশা চূড়ান্ত খেলখন মুকুতা ক্লাৱ ৰংগেশ্বৰী আৰু ভখুৰাদিয়া ভলীবল কচ্চিং চেণ্টাৰৰ মাজত অনুষ্ঠিত হয়। তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত মুকুতা ক্লাৱ ভলীবল দলক ২-১ ছেটৰ ব্যৱধানত পৰাস্ত কৰি প্ৰতিযোগিতাখনৰ চেম্পিয়ন হয় ভখুৰাদিয়া ভলীবল কচ্চিং চেণ্টাৰে। প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে মুকুতা ক্লাৱৰ মিজানুৰ ৰহমানে। উল্লেখ্য যে, অধিবক্তা তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক ৰফিকুল ইছলামে উপস্থিত থাকি দুয়োটা দলৰ মাজত বঁটা প্ৰদান কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বলীউডৰ ছবিত জিলিকিল শিৱসাগৰৰ ৩ যুৱক; ছুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে কাম কৰাৰ সুযোগ লাভ

বলীউডৰ ছবিজগতত নিজৰ প্ৰতিভাৰে খোজ পেলাইছে শিৱসাগৰৰ তিনি অসমীয়া...

মেনিলাৰ সমীপত আকাশমাৰ্গত সংঘৰ্ষ ফিলিপাইনছৰ দুই সামৰিক বিমানৰ, নিহত ৪ পাইলট

ফিলিপাইনছৰ বায়ুসেনাই শনিবাৰে এক বিবৃতিযোগে জনায় যে, শুকুৰবাৰে ফাৰ্নাণ্ডো...