প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জিভা কাটিলে পাব ১১ লাখ টকাৰ পুৰষ্কাৰ, বিজেপি নেতাৰ আজৱ ঘোষণা

ব্ৰাহ্মণ সমাজক কৰা অপমানৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিজেপি নেতা গজেন্দ্ৰ ঝা। বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জীতেনৰাম মাঝিয়ে ব্ৰাহ্মণ সমাজক লৈ বিতৰ্কিত মন্তব্য কৰাৰ পিছতে গৰজি উঠিছে বিজেপি নেতাজন। জীতেনৰাম মাঝিৰ জিভা কাটিব পৰাজনক ১১ লাখ টকাৰ পুৰষ্কাৰ ঘোষণা কৰিছে বিজেপি নেতাজনে।


বিজেপি নেতা গজেন্দ্ৰ ঝাৰ ঘোষণাৰ পাছতেই তুংগত উঠিছে বাকযুদ্ধ। জীতেনৰাম মাঝিৰ হিন্দুস্তানী আৱাম মৰ্চা আৰু ভাৰতীয় জনতা পাৰ্টীৰ মাজত বাঢ়িছে মুখচুপতি। হিন্দুস্তানী আৱাম মৰ্চাৰ নেতাই গজেন্দ্ৰ ঝাক সকীয়নি দিয়াৰ বিপৰীতে বিজেপি নেতাই হিন্দুস্তানী আৱাম মৰ্চাক সীমা চেৰাই কথা নকবলৈ সকীয়নি দিছে।


অৱশ্যে ব্ৰাহ্মণ সমাজক লৈ কৰা অপমানসূচক মন্তব্যৰ বাবে ইতিমধ্যে ক্ষমা বিচাৰিছে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীজনে। ক্ষমাভিক্ষাৰ পিছত এইবাৰ ওলোটাখৰ বিজেপি নেতাৰ। ৰাজহুৱাভাবে ক্ষমা বিচৰাৰ পিছতো বিজেপি নেতা গজেন্দ্ৰ ঝাই আজৱ ঘোষণা কৰাক লৈ উত্তাল হৈ পৰিছে বিহাৰৰ ৰাজনীতি। ২০১৪-২০১৫ত নীতিশ কুমাৰৰ পদত্যাগৰ পিছত বিহাৰৰ কাৰ্যভাৰ চম্ভালিছিল জীতেনৰাম মাঝিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...