ৰাজ্যত ভুৱা চিকিৎসকৰ দপদপনি, বিলাসীপাৰাত গ্ৰেপ্তাৰ ভুৱা চিকিৎসক ফৰিজ উদ্দিন আহমেদ

ৰাজ্যত ভুৱা চিকিৎসকৰ দপদপনি। বিলাসীপাৰাত গ্ৰেপ্তাৰ ভুৱা চিকিৎসক ফৰিজ উদ্দিন আহমেদ। ফৰিজ উদ্দিনৰ ভুৱা চিকিৎসাৰ বলি হৈ মৃত্যুৰে যুঁজিছে এজন। ভুৱা চিকিৎসাৰ বাবে কৰ্কট ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ বি বৰুৱা হাস্পতালত চিকিৎসাধীন আব্দুল কৰিম নামৰ লোকজন। দাঁতৰ বিষৰ বাবে ফৰিজ উদ্দিনৰ কাষ চাপিছিল আব্দুল কৰিম।

ভণ্ড চিকিৎসকে ব্যক্তিজনৰ দাঁত উঠাই দিছিল। কিন্তু দাঁতৰ আধাখিনি ভিতৰত থাকি অহাত সেয়া পিছলৈ কৰ্কট ৰোগৰ ৰূপ লয়। পেচাত চৰকাৰী শিক্ষক ফৰিজ উদ্দিনে নিজৰ ঘৰতে খুলি লৈছিল চিকিৎসালয়। শিক্ষকৰূপী ভণ্ড চিকিৎসকে দীৰ্ঘদিনৰ পৰা দুৰ্গম চৰ অঞ্চলত চলাই আহিছিল চিকিৎসা। কৰিম উদ্দিনৰ পৰিয়ালৰ গোচৰৰ ভিত্তিত ভণ্ড চিকিৎসকক গ্ৰেপ্তাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...