হৃদয়বিদাৰক! অগ্নিদগ্ধ হৈ ককা-নাতিয়েকৰ কৰুণ মৃত্যু

কাৰ্বি আংলং বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰপথাৰ চাহ বাগিচাত নিশা সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড। শিশুসহ অগ্নিদগ্ধ হ’ল দুজন। এটি বাসগৃহত জুই লগাৰ ফলত ককা আৰু নাতি দুয়ো অগ্নিদগ্ধ হৈ সাৱটিল’বলগীয়া হয় মৃত্যুক। বৃদ্ধ বিনামু পানীকা আৰু নাতিয়েক দীপ পানীকা জুইত ভস্মীভূত।

ইফালে নিশা অগ্নিনিৰ্বাপক বাহিনী পলমকৈ উপস্থিত হোৱাক লৈ বাগানত এক হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয় ঘটনাস্থলীত৷

বাগিচাৰ স্থানীয় ৰাইজেহে পানী ঢালি আৰু বাহেঁৰে কোবাই কোবাই নিৰ্বাপন কৰে জ্বলি থকা গৃহটি৷ পলমকৈ উপস্থিত হোৱা অগ্নি নিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ উপৰত খৰ্গ হস্ত হৈ এক হুলস্থূলীয়া পৰিৱেশ সৃষ্টি কৰে ৰাইজে৷ পিছত অগ্নি নিৰ্বাপক বাহিনী আৰু বৰপথাৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু মহকুমা আৰক্ষী বিষয়া জন দাসৰ উপস্থিতিত ৰাইজক ক্ষান্ত কৰাই মৃতদেহ দুটা উদ্ধাৰ কৰি লৈ যায় আৰক্ষী থানালৈ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰমুজ প্ৰণালীৰ নিয়ম উলংঘাকাৰী জাহাজক জৰিমনা আৰু জব্দ কৰাৰ হুংকাৰ ইৰানৰ

বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ শক্তি পৰিবহন পথ হৰমুজ প্ৰণালীৰে চলাচল...

কেৰালাৰ কাজীয়া লিজ মেজোৰ শিৰত ‘মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০২৬’ৰ মুকুট

কেৰালাৰ মাৱেলিক্কৰাৰ অধিবাসী কাজীয়া লিজ মেজোৱে ‘মিছ ইউনিভাৰ্ছ ইণ্ডিয়া...

২০৩৫ চনৰ ভিতৰত ভাৰতৰ থাকিব নিজা মহাকাশ কেন্দ্ৰ: ইছৰ’ৰ অধ্যক্ষ

ভাৰতে ২০৩৫ চনৰ ভিতৰত 'ভাৰতীয় অন্তৰীক্ষ ষ্টেচন' (BAS) নামৰ...