কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ দুৰ্গত আৰম্ভ হৈছে খহনীয়া!

ছয়গাঁৱৰ কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ দুৰ্গত খহনীয়া৷ বিজেপি দলৰ ‘সবকা সাথ সবকা বিকাশ’ আদৰ্শত অনুপ্ৰাণিত হৈ গৰৈমাৰীত কংগ্ৰেছী কৰ্মীৰ বিজেপিত যোগদান৷ কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ শাসনত অতিষ্ঠ হৈ বাতাহিদিয়া গাঁও পঞ্চায়তৰ কেইবাগৰাকী কংগ্ৰেছ দলৰ সৰবৰাহী মহিলা আৰু পুৰুষে যোগদান কৰে ভাৰতীয় জনতা পাৰ্টীত৷

উল্লেখ্য যে, আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি গৰৈমাৰী মণ্ডল বিজেপিয়ে গৰৈমাৰীত বিজেপিৰ ভেটি শক্তিশালী কৰাৰ বাবে সাজু হৈছে৷ বিশেষকৈ ছয়গাঁও সমষ্টিৰ গৰৈমাৰীৰ বাতাহিদিয়া গাঁও পঞ্চায়তত কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ ৷ যাৰ বাবে বিজেপিত যোগদান কৰে বাতাহিদিয়া গাঁও পঞ্চায়তৰ কেইবাগৰাকী কংগ্ৰেছ দলৰ সৰবৰাহী মহিলা আৰু পুৰুষে ৷

আজি কংগ্ৰেছ দলত যোগদান কাৰ্যসূচীত দক্ষিণ কামৰূপ জিলাৰ সভাপতি ধনেশ্বৰ তালুকদাৰ, এচ চি মৰ্চাৰ সভাপতি প্ৰহ্লাদ বিশ্বাস, সম্পাদক গিৰীৰাজ তিমচিনা, জিলা প্ৰভাৰী পবিত্ৰ ডেকা উপস্থিত থাকে। ইয়াৰ লগতে গৰৈমাৰী মণ্ডল প্ৰভাৰী কমলেশ্বৰ দাস, গৰৈমাৰী মণ্ডলৰ সভাপতি আক্ৰাম হুছেইন আৰু সম্পাদক আনিছ ভূঞা উপস্থিত থাকে এই অনুষ্ঠানত ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...