ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় ভলীবল প্ৰতিযোগিতা, কোনে মাৰিব শেষ হাঁহি?

শিৱসাগৰৰ জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ খেলপথাৰত ভলীবল প্ৰতিযোগিতা। শুকুৰবাৰৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ খেলপথাৰত। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ মুঠ ১৭খন মহাবিদ্যালয়ৰ ল’ৰা আৰু ছোৱালীৰ ৩৮টা দলে অংশ গ্ৰহণ কৰিছে প্ৰতিযোগিতাখনত।

এই প্ৰতিযোগিতাখন উদ্বোধন কৰে আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই। প্ৰতিযোগিখনৰ লগত সংগতি ৰাখি জীৱমণি নাথৰ সম্পাদনাৰে প্ৰকাশিত স্মৃতি প্ৰত্ৰিকা উন্মোচন কৰে আমগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষা ড০ আফছিয়া চুলতানাই। অনুষ্ঠানত জিলা পৰিবহন বিষয়া সিদ্ধাৰ্থ কৃষ্ণ শইকীয়া, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্পৰ্টছ বৰ্ডৰ সদস্য জিতুৰঞ্জন চেতিয়া, মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ভৱানী কুমাৰ বৰুৱা, অধ্যক্ষ ড০ মনজিৎ গগৈ, অৱসৰপ্ৰাপ্ত অধ্যক্ষ অনিল কুমাৰ গগৈ, বিপুল বৰকটকী, অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ কৃষ্ণকান্ত সন্দিকৈ, অৱসৰপ্ৰাপ্ত শিক্ষক হৰেণ বৰুৱা, সৌমাৰজ্যোতি মহন্ত, মামণি বৰা, ৰঞ্জিত বৰুৱা, ধ্ৰুৱজ্যোতি নাথ, ৰাজু ফুকন, জয়ন্ত গগৈ, স্বাস্থ্য বিষয়া মণিৰাম কলিতাকে ধৰি বহু গুণী-জ্ঞানী ব্যক্তি উপস্থিত থাকে। কভিডকালীন পৰিস্থিতিৰ পাছত স্বাভাৱিক অৱস্থা ঘূৰি অহাৰ লগে লগে পুনৰ ক্ৰীড়াসুলভ পৰিৱেশ গঢ়ি উঠিছে ৰাজ্যত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...