১১ ডিচেম্বৰৰ ভিতৰত কৰক প্ৰাদেশিকীকৰণ, নহ’লে হ’ব ধাৰাবাহিক আন্দোলন!

আগন্তুক ১১ ডিচেম্বৰৰ ভিতৰত বিটিআৰৰ অপ্ৰাদেশীকৃত বিদ্যালয় প্ৰাদেশিকীকৰণৰ বাবে চৰকাৰে কোনো আলোচনাৰ ব্যৱস্থা নকৰিলে ১২ ডিচেম্বৰৰ পৰাই ধাৰাাবাহিক আন্দোলনৰ হুংকাৰ। সদৌ বিটিআৰ অপ্ৰাদেশীকৃত প্ৰাথমিক আৰু উচ্চপ্ৰাথমিক বিদ্যালয়ৰ শিক্ষক সন্থাই ১১ ডিচেম্বৰৰ ভিতৰত ব্যৱস্থা লোৱাৰ আহ্বান জনাইছে।

বিগত সময়ত হোৱা আন্দোলনৰ পিছতে কোকৰাঝাৰ পশ্চিম সমষ্টিৰ বিধায়ক লৰেঞ্চ ইচলাৰীয়ে এই সন্দৰ্ভত সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সৈতে চলিত ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহতে চৰকাৰৰ সৈতে আলোচনা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। আজি ৮ ডিচেম্বৰলৈ আলোচনা নোহোৱাত জাঙুৰ খাই উঠিছে সন্থা। যাৰ বাবে ১১ ডিচেম্বৰৰ ভিতৰত কোনো আলোচনা নহ’লে আকৌ ১২ ডিচেম্বৰৰ পৰা ধাৰাবাহিক আন্দোলনৰ হুংকাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...