৩ দিন পিছত উদ্ধাৰ হ’ল NRLৰ অভিযন্তা ৰক্তিম বৰুৱাৰ নিথৰদেহ

অৱশেষত উদ্ধাৰ হ’ল ধনশিৰিত নিখোজ হোৱা অভিযন্তা ৰক্তিম বৰুৱাৰ মৃতদেহ। গোলাঘাট জিলাৰ হাঁহচৰাত উদ্ধাৰ ৰক্তিম বৰুৱাৰ মৃতদেহ। স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে পানীত উপঙি থকা অভিযন্তাজনৰ মৃতদেহ। ঘটনাস্থলীৰ পৰা প্ৰায় আঢ়ৈ কিল’মিটাৰ নিলগত উদ্ধাৰ মৃতদেহ। যোৱা ৩ দিন ধৰি নিখোজ হৈ আছিল নুমলীগড় তেল শোধনাগাৰৰ অভিযন্তা ৰক্তিম বৰুৱা। পুত্রই খেলা বল আনিবলৈ পানীত নামিছিল ৰক্তিম বৰুৱা। সেই সময়ৰ পৰা সন্ধানহীন হৈ আছিল অভিযন্তা ৰক্তিম বৰুৱা। SDRF আৰু NDRF-এ উদ্ধাৰৰ বাবে চলাই আছিল অভিযান। অৱশেষত পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰে অভিযন্তা ৰক্তিম বৰুৱাৰ মৃতদেহ।

ইয়াৰ মাজতে নেদেখাজনৰ ওচৰত চাকি–বন্তি জ্বলাই নৈবদ্য আগবঢ়াই ৰক্তিম বৰুৱাৰ সন্ধান যাতে সোনকালে ওলাই তাৰবাবে প্ৰাৰ্থনা জনাইছিল পৰিয়ালে। সকলোৱে প্ৰাৰ্থনা জনাইছিল যাতে শীঘ্ৰে সন্ধান লাভ কৰে সন্ধানহীন ৰক্তিম বৰুৱাৰ। উল্লেখ্যে যে ডিচেম্বৰ মাহৰ প্ৰথমটো দেওবাৰে ধনশিৰিৰ বালিচৰত বনভোজ খাবলৈ গৈছিল। নুমলীগড়ৰ ৰিফাইনেৰীৰ অভিযন্তাজনে নিজৰ পুত্ৰ আৰু কন্যাসহ পৰিয়াল তথা আত্মীয়ৰ সৈতে বনভোজলৈ গৈছিল। নদীৰ কাষত বল খেলি থকাৰ সময়তে বলটো নদীত পৰি যায় আৰু সেই বল আনিবলৈ গৈ নৈৰ সোঁতত নিৰুদ্দেশ হয় অভিযন্তাজন। আজি ঘটনাস্থলীৰ পৰা প্ৰায় আঢ়ৈ কিল’মিটাৰ নিলগত উদ্ধাৰ মৃতদেহ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...