একেদিনাই দুজন মহীৰূহলৈ জ্ঞানপীঠ বঁটা। কোংকনী ভাষাৰ সাহিত্যিক দামোদৰ মৌজোলৈ জ্ঞানপীঠ

প্ৰখ্যাত কোংকনী ভাষাৰ চুটি গল্প লেখক আৰু ঔপন্যাসিক দামোদৰ মৌজোক সন্মানীয় জ্ঞানপীঠ বঁটাৰে সন্মানিত কৰা হব। ভাৰতীয় সাহিত্যৰ সৰ্বোচ্চ সন্মান হিচাপে গণ্য কৰা জ্ঞানপীঠ বিজয়ী দ্বিতীয়গৰাকী কোংকনী ভাষাৰ লেখক। স্বৰ্গীয় ৰবীন্দ্ৰ কেলেকাৰৰ পিছত তেওঁ এই বঁটা লাভ কৰা দ্বিতীয় কোংকনী লেখক হিচাপে পৰিগণিত হৈছে। বঁটা লাভৰ পিছতে প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মৌজোৱে কয়-“সাহিত্যৰ ক্ষেত্ৰত থকা নতুন কোংকনী লেখকসকলে মনত ৰাখিব লাগে যে সাহিত্য কেতিয়াও নষ্ট নহয়। লেখকসকলে আন ভাষা শিকাৰ ওপৰতো গুৰুত্ব দিব লাগিব, যাতে তেওঁলোকৰ সাহিত্য অনুবাদ হয়। কোংকনী ভাষাত স্নাতকোত্তৰ অধ্যয়ন কৰা ছাত্ৰ সমাজক কেৱল এটা ভাষাৰ ওপৰত নিৰ্ভৰ নকৰি আন ভাষা শিকিবলৈ চেষ্টা কৰিবলৈ আহ্বান জনায়। ইয়াৰ উপৰিও লেখকসকলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সাহিত্যৰ নতুন ধাৰা শিকা আৰু গ্ৰহণ কৰাৰো আহ্বান জনায় সাহিত্যিকজনে। বঁটা বিজয়ৰ লগে লগে পত্নী শৈলা, জীয়ৰী সবিতা কিৰ্তনী আৰু মেঘনা পাই ডুকলেই উত্ফুল্লিত হৈ পৰিছে। উল্লেখ্য যে, জ্ঞানপীঠ বঁটা বাছনি সমিতিয়ে ২০২১ আৰু ২০২২ বৰ্ষৰ বাবে একেদিনাই ৫৬আৰু ৫৭সংখ্যক জ্ঞানপীঠ বঁটা ঘোষণা কৰিছিল। ২০২১ বৰ্ষৰ বাবে কাব্য ঋষি নীলমণি ফুকন আৰু ২০২২ বৰ্ষৰ বাবে দামোদৰ মৌজোক প্ৰদানৰ ঘোষণা কৰা হৈছে। প্ৰখ্যাত গল্পকাৰ আৰু জ্ঞানপীঠ বঁটা প্ৰাপক প্ৰতিভা ৰায়ৰ অধ্যক্ষতাত অনুষ্ঠিত বাছনি সমিতিৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত উপস্থিত আছিল বাছনি সমিতিৰ আন সদস্য শ্ৰী মাধৱ কৌশিক, চৈয়দ মহম্মদ আশ্ৰাফ, হৰিশ ত্ৰিবেদী, সুৰঞ্জন দাস, পুৰুষোত্তম বিলমালে, চন্দ্ৰকান্ত পাটিল, ড০ এছ. মণিৱালান, প্ৰভা বাৰ্মা অছগৰ ৱাজাহাত আৰু মধুসূদন আনন্দ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰত-আমেৰিকাৰ IOSV উদ্যোগক লৈ আলোচনা, ভাৰত মহাসাগৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্য

ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰি আৰু আমেৰিকাৰ আণ্ডাৰ ছেক্ৰেটাৰী...

বিশ্বজুৰি আমেৰিকাৰ ভিছা আবেদন স্থগিত

প্ৰব্ৰজন নীতি অধিক কঠোৰ কৰাৰ মাজতে আমেৰিকাই বিশ্বজুৰি ভিছা...

বানপীড়িত অসমৰ বাবে কেন্দ্ৰৰ প্ৰায় ৫,০০০ কোটি টকাৰ পেকেজ, ৩.৮ লাখ নতুন PMAY ঘৰ অনুমোদন

অসমৰ বানপীড়িত লোকসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰায় ৫,০০০ কোটি...