৩ দিন পিছত উদ্ধাৰ হ’ল NRLৰ অভিযন্তা ৰক্তিম বৰুৱাৰ নিথৰদেহ

অৱশেষত উদ্ধাৰ হ’ল ধনশিৰিত নিখোজ হোৱা অভিযন্তা ৰক্তিম বৰুৱাৰ মৃতদেহ। গোলাঘাট জিলাৰ হাঁহচৰাত উদ্ধাৰ ৰক্তিম বৰুৱাৰ মৃতদেহ। স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে পানীত উপঙি থকা অভিযন্তাজনৰ মৃতদেহ। ঘটনাস্থলীৰ পৰা প্ৰায় আঢ়ৈ কিল’মিটাৰ নিলগত উদ্ধাৰ মৃতদেহ। যোৱা ৩ দিন ধৰি নিখোজ হৈ আছিল নুমলীগড় তেল শোধনাগাৰৰ অভিযন্তা ৰক্তিম বৰুৱা। পুত্রই খেলা বল আনিবলৈ পানীত নামিছিল ৰক্তিম বৰুৱা। সেই সময়ৰ পৰা সন্ধানহীন হৈ আছিল অভিযন্তা ৰক্তিম বৰুৱা। SDRF আৰু NDRF-এ উদ্ধাৰৰ বাবে চলাই আছিল অভিযান। অৱশেষত পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰে অভিযন্তা ৰক্তিম বৰুৱাৰ মৃতদেহ।

ইয়াৰ মাজতে নেদেখাজনৰ ওচৰত চাকি–বন্তি জ্বলাই নৈবদ্য আগবঢ়াই ৰক্তিম বৰুৱাৰ সন্ধান যাতে সোনকালে ওলাই তাৰবাবে প্ৰাৰ্থনা জনাইছিল পৰিয়ালে। সকলোৱে প্ৰাৰ্থনা জনাইছিল যাতে শীঘ্ৰে সন্ধান লাভ কৰে সন্ধানহীন ৰক্তিম বৰুৱাৰ। উল্লেখ্যে যে ডিচেম্বৰ মাহৰ প্ৰথমটো দেওবাৰে ধনশিৰিৰ বালিচৰত বনভোজ খাবলৈ গৈছিল। নুমলীগড়ৰ ৰিফাইনেৰীৰ অভিযন্তাজনে নিজৰ পুত্ৰ আৰু কন্যাসহ পৰিয়াল তথা আত্মীয়ৰ সৈতে বনভোজলৈ গৈছিল। নদীৰ কাষত বল খেলি থকাৰ সময়তে বলটো নদীত পৰি যায় আৰু সেই বল আনিবলৈ গৈ নৈৰ সোঁতত নিৰুদ্দেশ হয় অভিযন্তাজন। আজি ঘটনাস্থলীৰ পৰা প্ৰায় আঢ়ৈ কিল’মিটাৰ নিলগত উদ্ধাৰ মৃতদেহ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...