বিধায়ক তেৰছ গোৱালাক কোনে, কিয় আক্ৰমণ কৰিছিল?

চলন্ত ৰে’লত দুৰ্বৃত্তৰ আক্ৰমণৰ সন্মুখীন হয় দুলীয়াজানৰ বিজেপি বিধায়ক তেৰছ গোৱালা। লামডিঙত নিশা চাঞ্চল্যকৰ ঘটনা। বিধায়কজনে পত্নী আৰু সন্তানসহ গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ যাত্ৰা কৰাৰ সময়তে ৰাজধানী এক্সপ্ৰেছৰ A3 ডবাত সংঘটিত হয় এই ঘটনা। বিধায়কজন থকা ডবাটোত লামডিঙৰ পৰা গৈছিল ৰমাকান্ত ৰয় নামৰ আন এজন যাত্ৰী। ডবাৰ লাইট বন্ধ কৰাক লৈ লোকজনে প্ৰথমে বিধায়কজনক দুৰ্ব্যৱহাৰ কৰে। ঘটনাক লৈ দুয়োৰে মাজত তৰ্কাতৰ্কি হয়। ইয়াৰ পিছতে ৰমাকান্ত ৰয়ে অতৰ্কিতে আক্ৰমণ কৰে বিধায়ক তেৰছ গোৱালাক।

ইয়াৰ পিছতে বিধায়কজনে ৰে’লৱেৰ উচ্চপদস্থ বিষয়াৰ সৈতে যোগাযোগ কৰাত লামডিং ৰে’লৱে ষ্টেচনত উপস্থিত হয় আৰু অভিযুক্ত ৰমাকান্ত ৰয়ক আটক কৰে। ইপিনে বিধায়কজনক চলন্ত ৰে’লতে আক্ৰমণৰ খবৰ পোৱাৰ পিছতে স্থানীয় বিধায়ক শিবু মিশ্ৰসহ বহু লোক ষ্টেচনত উপস্থিত হয়। এই ঘটনাক লৈ নিশা লামডিং ৰে’লৱে ষ্টেচনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। পিছত আৰক্ষীয়ে অভিযুক্ত লোকজনক কৰায়ত্ত কৰি নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এছিয়ান গেমছত উজলিল ভাৰতৰ ৩ কন্যা; শ্বটিঙৰ জৰিয়তে ২ টাকৈ পদক জয়

শনিবাৰে, ১৯ ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় এছিয়ান গেমছ...

৪৫০ ফুট দীঘল গামোচাৰে অভিলেখ গঢ়িলে সোণাপুৰৰ জুবিনক্ষেত্ৰই

৪৫০ ফুট দীঘল গামোচাৰে অভিলেখ গঢ়িলে সোণাপুৰৰ জুবিনক্ষেত্ৰই ।...

নিশা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান; তামাৰহাট-পৰ্বতঝোৰাত আটক ৫ ড্ৰাগছ সৰবৰাহকাৰী

কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাত আৰু ধুবুৰীৰ তামাৰহাটত নিশা পৃথকে...

অসমৰ কেইবাখনো জিলাত ধাৰাবাহিক পথ দু/ৰ্ঘ/ট/না; কেইবাজনৰো মৃ/ত্যু

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত ধাৰাবাহিক পথ দুৰ্ঘটনাই সৃষ্টি কৰিছে...