অভিনেতা বিকি কৌশলৰ নজনা ১১টা কথা

হিন্দী চলচ্চিত্ৰ জগতৰ এক পৰিচিত নাম বিকি কৌশল। আপুনিও নিশ্চয় বিকি কৌশলৰ অভিনয় প্ৰতিভা দেখিছে। কেটৰিনা কাইফৰ সৈতে বিবাহৰ পৰা অভিনয় তথা ব্যক্তিত্বৰ বাবে প্ৰায়ে চৰ্চাত থাকে বিকি কৌশল। ছচিয়েল মিডিয়াত আকৰ্ষণীয় ফটো অথবা পৰৱৰ্তী চিনেমাৰ কথা প্ৰকাশৰ লগে লগে অনুৰাগীয়ে ইয়াক মুহূৰ্ততে ভাইৰেল কৰে আৰু তাতেই প্ৰমাণ হয় বিকিৰ জনপ্ৰিয়তা। এসময়ৰ একচন ডাইৰেক্টৰ শ্বাম কৌশলৰ পুত্ৰ হোৱা স্বত্বেও বিকি কৌশলে বলীউড জগতত স্থান পাবলৈ কঠোৰ সংগ্ৰাম কৰিব লগা হৈছিল। হাবাথুৰি খাব লগা হৈছিল এখন বিগ বাজেটৰ চিনেমাত অভিনয়ৰ সুযোগ পাবৰ বাবে। ২০১২ চনত অনুৰাগ কাশ্যপৰ ‘গেংছ অফ ৱাছীপুৰ’ চলচ্চিত্ৰখনত সহকাৰী পৰিচালক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। একেটা বছৰতে বিকিয়ে ‘বম্বে ভেলভেট’ আৰু আন এখন চিনেমাত এটা সৰু চৰিত্ৰত অভিনয়ৰ সুযোগ পালে। এইদৰে বহু বছৰ বিভিন্ন স্থানত অডিচন দিয়াৰ পিছতো বিকিয়ে মুখ্য চৰিত্ৰত অভিনয়ৰ সুযোগ পোৱা নাছিল।

অৱশেষত ২০১৫ চনত আহিল ভাল খবৰ। ‘মাচান’ চলচ্চিত্ৰত মুখ্য চৰিত্ৰত অভিনয় কৰাৰ সুযোগ পালে বিকি কৌশলে। অৱশ্যে আশানুৰূপ ধৰণে ছবিখনে বক্স অফিচত সফলতা অৰ্জন কৰিব নোৱাৰিলে। ছবিখন যদিও ফ্লপ হৈছিল কিন্তু বিকি কৌশলৰ শক্তিশালী অভিনয়ে সমালোচক আৰু দৰ্শকৰ পৰা যথেষ্ট প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। নিজৰ অভিনয়ৰ বাবে বিকিয়ে এছিয়ান ফিল্ম এৱাৰ্ডছত প্ৰথমখন চলচ্চিত্ৰ আৰু শ্ৰেষ্ঠ নৱাগতৰ বাবে ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ পুৰুষ আত্মপ্ৰকাশ বঁটাৰ বাবে মনোনয়ন লাভ কৰিছিল। মাচানৰ পিছত ‘জুবান’ আৰু ‘ৰমন ৰাঘৱ ২.০’ চিনেমাতো অভিনয় কৰে বিকি কৌশলে। কিন্তু তিনিওখন ছবি ফ্লপ হৈছিল, কিন্তু বিকিৰ অভিনয় সদায় প্ৰশংসিত হৈছিল। ফলস্বৰূপে, বিকিৰ হাতলৈ আহিল মেঘনা গুলজাৰৰ স্পাই থ্ৰিলাৰ ছবি ‘ৰাজী’। বিকিক সেইবাৰ প্ৰথমবাৰলৈ দেখা গৈছিল আলিয়া ভাটৰ সৈতে। এইখন বিকিৰ আছিল প্ৰথমখন হিট চিনেমা। বিকি-আলিয়াৰ কেমিষ্ট্ৰীক আদৰি লৈছিল দৰ্শকে। সেয়াই আছিল বিকিৰ কেৰিয়াৰৰ টাৰ্ণিং পইণ্ট।

২০১৯ চনত মুক্তি পোৱা ‘উৰি’ চিনেমাখনৰ পিছত আৰু উভতি চাবলগীয়া হোৱা নাই বিকি কৌশলে। উৰি চিনেমাখন ব্লকবাষ্টাৰ হিট ৰূপে পৰিগণিত হয় আৰু সকলোৱে বিকিৰ অভিনয়ক উচ্চ প্ৰশংসা কৰে। তাৰ পিছত কেইবাখনো ছবিত চুক্তিবদ্ধ হৈছে আৰু কেইবাখনৰো দৃশ্যগ্ৰহণ সমাপ্ত হৈছে। ৯ ডিচেম্বৰত ৰাজস্থানত মোহময়ী অভিনেত্ৰী কেটৰিনা কাইফৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব বিকি কৌশল। দুয়োৰে মাজত বয়সৰ ব্যৱধান ৫ বছৰ, বয়সৰ ব্যৱধানে দুয়োৰে মাজত কোনো বাধাৰ সৃষ্টি কৰা নাই। আনহাতে, বিকি কৌশলৰ বলীউডত অভিজ্ঞতা মাত্ৰ ৯ বছৰ যদিও কেটৰিনাই ১৮ বছৰ সম্পূৰ্ণ কৰিছে মায়ানগৰীত।

ব্যক্তিগত জীৱনেই নহয়, দুয়োৰে পেচাগত জীৱনতো আছে অনেক প্ৰভেদ। কেটৰিনাই এইপৰ্যন্ত ৩১খন চলচ্চিত্ৰত অভিনয় কৰিছে। তাৰ ভিতৰত ‘নমস্তে লণ্ডন’, ‘অজব প্ৰেম কী গজব কহানী’, ‘এক থা টাইগাৰ’ আৰু ‘টাইগাৰ জিন্দা হ্যে’ অন্যতম। বঁটা আৰু মনোনয়নৰ কথা যদি কোৱা হয় তেন্তে কেটৰিনা কাইফে ৩টা ষ্টাৰডাষ্ট, ৪টা জি চিনে, এটা আইফা, দুটা ষ্টাৰ গীল্ড আৰু ৪টা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। ইয়াৰে ৪টা বঁটা অভিনয়ৰ বাবে আৰু আন বেছিভাগ বঁটা অন্যান্য শিতানত লাভ কৰিছে। ইয়াৰ বিপৰীতে বিকি কৌশলে নিজৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবেই সিংহভাগ বঁটা লাভ কৰিছে। ব্যক্তিগত বিভেদ পাহৰি দুয়ো খোজ থ’ব যুগ্ম জীৱনত। কোটি কোটি অনুৰাগীৰ আশিস শিৰত লৈ ৯ ডিচেম্বৰৰ পৰা দুয়ো দুয়োকে পৰিচয় দিব স্বামী-স্ত্ৰীৰূপে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...