অসমসহ উঃ-পূৰ্বাঞ্চলত হ’ব প্ৰবল বৃষ্টিপাত!

অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত হ’ব বৃষ্টিপাত। পাতলীয়াৰ পৰা মধ্যমীয়া পৰিমাণৰ বৰষুণ হোৱাৰ আগজাননী ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ। দক্ষিণ অসম আৰু মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰাৰ বিভিন্ন স্থানত ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনাৰ কথা সদৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই এক টুইটযোগে কয়, “দক্ষিণ অসম, মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰাৰ বিভিন্ন স্থানত পাতলৰ পৰা মধ্যমীয়া পৰিমাণৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।”

ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, ওড়িশা, পশ্চিম বংগ আৰু পূব উপকূলৰ অন্যান্য অংশত ঘূৰ্ণীবতাহ জাৱাদ অধিক দুৰ্বল হৈ নিম্ন চাপৰ এলেকালৈ গতি কৰিব। সেইবাবে অসমত কোনো ঘূৰ্ণীবতাহ বা কোবাল বতাহ আৰু ধুমুহা অহাৰ সম্ভাৱনা নাই। জাৱাদৰ সতৰ্কতামূলক ব্যৱস্থাৰূপে ইতিমধ্যে কেইবাখনো ৰাজ্যই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

আকৌ আহিল শাৰদীয় দুৰ্গোৎসৱ

ধৰালৈ নামিছে শৰৎ। শৰৎ আগমনৰ লগে লগেই আৰম্ভ হৈছে...

মহানগৰীৰ উৰণ সেতুত শেষ হৈ গ’ল এটা জীৱন

নিশা গণেশগুৰিৰ উৰণ সেতুত সংঘটিত হয় ভয়াৱহ দুৰ্ঘটনা। দুৰ্ঘটনাত...

পেৰিছ ফেশ্বন উইকত আলিয়াৰ গ্লেমাৰাছ লুক

পেৰিছ ফেশ্বন উইকত মোহময়ী অভিনেত্ৰী আলিয়া ভাটৰ অভিষেক। ল’ৰিয়েল...