সাৱধান! মেডিকেল কলেজৰ অধীক্ষকসহ ৫জন চিকিত্সক একেলগে আক্ৰান্ত কভিডত

অসমত এতিয়াও কভিডৰ সংক্ৰমণ শেষ হোৱা নাই। নতুনকৈ দ্ৰুতগতিত আৰু শক্তিশালী ৰূপত সংক্ৰমিত অমিক্ৰনৰ কোনো ৰোগী ধৰা পৰা নাই যদিও দৈনিক নতুন নতুন ৰোগী ধৰা পৰাৰ তথ্য পোহৰলৈ আহিছে। বৰাকৰ একমাত্ৰ মেডিকেল কলেজ শিলচৰ মেডিকেল কলেজ হাস্পতালতো বাঢ়িছে কভিড ৰোগী। এইবাৰ একেলগে ৫জনকৈ চিকিত্সকৰ দেহত ধৰা পৰিছে কভিড। চিকিত্সা মহাবিদ্যালয়খনৰ অধীক্ষক ডাঃ অভিজিত স্বামীসহ ৫জন চিকিত্সকৰ দেহত পোৱা গৈছে কভিড পজিটিভ। চিকিত্সক ডাঃ ঋতুৰাজ টাকুৰীয়া আৰু ডাঃ অজিত দে আক্ৰান্ত হৈছে কভিডত। চিকিত্সক প্ৰদীপ চৌধুৰী আৰু ডাঃ পবিত্ৰ বৰুৱাও আক্ৰান্ত কভিড ভাইৰাছত।

ইয়াৰে চিকিত্সক ঋতুৰাজ টাকুৰীয়া আৰু ডাঃ অজিত দেক কভিড ৱাৰ্ডত ৰাখি চিকিত্সা অব্যাহত ৰখা হৈছে। আনহাতে চিকিত্সক প্ৰদীপ চৌধুৰী আৰু ডাঃ পবিত্ৰ বৰুৱা তথা চুপাৰইণ্টেণ্ডেণ্ট ডাঃ অভিজিত স্বামীক হোম আইছলেচনত ৰখা হৈছে। শিলচৰ চিকিত্সা মহাবিদ্যালয়ৰ পৃথক পৃথক বিভাগত কৰ্মৰত হৈ আছিল চিকিত্সককেইজন। একেলগে ৫জন চিকিত্সক কভিডত আক্ৰান্ত হোৱাৰ পিছতে পুনৰ আতংকই দেখা দিছে চিকিত্সা মহাবিদ্যালয়খনত। সকলোকে কভিড ভেকচিন লোৱাৰ আহ্বান প্ৰশাসনৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...