ডিচেম্বৰ মাহত কি কি বস্তুৰ দাম বাঢ়িল জানেনে?

২০২১ চনৰ অন্তিম মাহ ডিচেম্বৰ। প্ৰতিযোগিতামূলক ক্ষেত্ৰত উত্সৱৰ সময়ত অফাৰ দিয়া হয় যদিও নিজৰ নিজৰ লাভৰ সময়ে সময়ে পুনৰ সামগ্ৰীৰ দৰৰ সালসলনি হয়। দিয়াচলাইৰ বাকচৰ দৰ দুটকা হ’ল। বিগত কেইবাবছৰ ধৰি এটকাত ক্ৰয় কৰিছিল যদিও জুইশলাৰ দাম এটকাৰ পৰা বাঢ়ি হলগৈ দুটকা।

বাণিজ্যিক চিলিণ্ডাৰৰ দামো ডিচেম্বৰ মাহত ১০০ টকাকৈ বৃদ্ধি হ’ল। পেট্ৰলিয়াম প্ৰতিষ্ঠানসমূহে দাম বৃদ্ধিৰ সিদ্ধান্তৰ ফলতে চিৰাচৰিতভাবে একেবাৰতে ১০০ টকা দাম বাঢ়িল প্ৰতিটো চিলিণ্ডাৰৰ। সাধাৰণ ঘৰুৱা গ্ৰাহকৰ পোনপটীয়া প্ৰভাৱ নপৰে যদিও ইয়াৰ পৰোক্ষ আৰু উত্পাদন ব্যয় বা বাণিজ্যিক ব্যৱহাৰৰ ক্ষেত্ৰত বহুল প্ৰভাৱ পৰিলক্ষিত হৈছে।

জিঅ’ মোবাইলৰ ৰিচাৰ্জো ২১ শতাংশলৈকে বৃদ্ধি পালে। বৰ্তমানে ব্যৱহাৰ কৰি থকা প্লেনটো পৰৱৰ্তী সময়ত ৰিচাৰ্জ কৰাৰ বাবে অধিক দামত ৰিচাৰ্জ কৰিব লাগিব। অৱশ্যে ইয়াৰ পূৰ্বে এয়াৰটেল আৰু আইডিয়া-ভোডাফোনেও ব্যয়বহুল কৰিছিল। বিভিন্ন অজুহাতত এসময়ত বিনামূলীয়া আৰু অফাৰৰ সুযোগ দি পৰ্যায়ক্ৰমে দাম বৃদ্ধি কৰি আহিছে।

PNB বেংকে সঞ্চয় একাউণ্টৰ সুতৰ হাৰ হ্ৰাস কৰিছে। ইয়াৰ ফলত মাত্ৰ ২.৮০ শতাংশ সুত পাব গ্ৰাহকসকলে। আনহাতে, টিভি চোৱাৰ ক্ষেত্ৰতো ডিচেম্বৰ মাহৰ পৰা ব্যয়বহুল বিবেচিত হৈছে। কেইবাটাও জনপ্ৰিয় চেনেলে ৩০-৩৫ শতাংশপৰ্যন্ত বৃদ্ধি কৰিছে ৰিচাৰ্জৰ হাৰ।

একেদৰে সুৰাপায়ীসকলৰ বাবে দুঃখবৰ আহিল ডিচেম্বৰ মাহতে। ১০ ডিচেম্বৰৰ পৰা বাঢ়িব সুৰাৰ দাম। ১৮ শতাংশৰ পৰা ২৫ শতাংশ পৰ্যন্ত সুৰাৰ মূল্যবৃদ্ধি। অসম আবকাৰী বিধি সংশোধনী প্ৰকাশ কৰি ৰাজপত্ৰিত জাননীৰ জৰিয়তে মূল্যবৃদ্ধি কৰা হৈছে। প্ৰতি বটলত ২৪ টকাৰ পৰা ৩০০ টকা পৰ্যন্ত বৃদ্ধি কৰা হৈছে। এহেজাৰ টকাৰ বটলৰ ওপৰৰ মূল্যৰ সুৰাৰ বটলত ন্যূনতম ৩০০ টকা বৃদ্ধি কৰা হৈছে। পেট্ৰ’ল-ডিজেলৰ ভেট হ্ৰাস কৰাৰ সময়তে সুৰাৰ দাম বৃদ্ধি ঘোষণা কৰিছিল। পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধিৰ ফলত ৰাজকোষত দেখা দিয়া ঘাটি পূৰণ কৰিবলৈকে এই বৃদ্ধি কৰা হৈছে।

আনহাতে, ২০২২ৰ ১ জানুৱাৰীৰ পৰাই আপুনি ভৰিব লাগিব অধিক ধন। কাপোৰ, জোতা, চেণ্ডেল, বাহন সকলোৰে বৃদ্ধি হ’ব মূল্য। শেহতীয়াকৈ CBIC-এ জোতা-চেণ্ডেল আৰু বস্ত্ৰৰ ক্ষেত্ৰত থকা পূৰ্বৰ GSTৰ পৰিমাণ দুগুণতকৈয়ো অধিক হাৰত বৃদ্ধি কৰিছে। বৰ্তমান জোতা-চেণ্ডেল আৰু বস্ত্ৰৰ ক্ষেত্ৰত থকা জিএছটিৰ পৰিমাণ হৈছে ৫ শতাংশ। কিন্তু ২০২২ৰ ১ জানুৱাৰীৰ পৰা সেই GST ১২ শতাংশলৈ বৃদ্ধি কৰা হ’ব। ফলত জোতা-চেণ্ডেল আৰু বস্ত্ৰৰ দাম GST বৃদ্ধিৰ লগে লগে অভাৱনীয় হাৰত বৃদ্ধি পাব।

ATMৰে ধন উলিয়ালেও আপুনি ভৰিব লাগিব অধিক ধন। নিৰ্ধাৰিত সীমাতকৈ অধিকবাৰ ধন উলিয়ালে চাৰ্জ লগাব পাৰে বেংকে। ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াৰ নিৰ্দেশনা মতে এক্সিছ বেংক বা আন বেংকৰ ATMত বিনামূলীয়া সীমাতকৈ ওপৰৰ বিত্তীয় লেনদেন কৰিলে দিব লাগিব ২১ টকা আৰু GST! ১ জানুৱাৰী ২০২২ৰ পৰা প্ৰযোজ্য হ’ব এই নিয়ম। গ্ৰাহকে নিজৰ বেংক ATMৰ জৰিয়তে প্ৰতি মাহত ৫বাৰ বিনামূলীয়া লেনদেন কৰিব পাৰিব। সময়ৰ লগে লগে দামৰ সালসলনি হৈ থাকিব, সেই অনুসৰি আপোনাৰ বাজেট আৰু ব্যয়ৰ হিচাপ মিলাই জীৱনবোধ গঢ়ি তুলিব লাগিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

কেতিয়াও নেদেখা ৰূপত দেখা যাব অভিনেতা ভিকী কৌশলক

এইবাৰ ভিন্নৰূপত অভিনেতা ভিকী কৌশল। পৰশুৰামৰ চৰিত্ৰত অভিনয়ৰ বাবে...

মহানগৰীত ই-ৰিক্সা আৰু ই অটোৰিক্সা চালকক বাহন চালনাৰ বিনামূলীয়া প্ৰশিক্ষণ

কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ উদ্যোগত আৰু পৰিবহণৰ বিশেষ...

যৌন নির্যাতনৰ ভুক্তভোগী শিশু সকলৰ সৈতে আৰক্ষী সঞ্চালক প্রধানৰ মত-বিনিময়

যৌন নির্যাতনৰ ভুক্তভোগী শিশু সকলৰ লগত জি. পি. সিং,...

গোলাঘাটত বোমা উদ্ধাৰ

গোলাঘাটত বোমা উদ্ধাৰ। ডিমাপুৰৰ পৰা শিৱসাগৰলৈ নি থকা অৱস্থাত...